নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত জালনোট বনোৱা যন্ত্ৰসহ গ্ৰেপ্তাৰ শিক্ষককে ধৰি ৪ জন

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সহজলভ্য ধনৰ সপোন দেখুৱাই একাংশ লোকক সৰ্বস্বান্ত কৰা এক অপৰাধী চক্ৰৰ ৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ধৰমতোল আৰক্ষী থানাৰ অন্তৰ্গত ধৰমতোলত আজি বিয়লি প্ৰায় ৩ বজাত এটা জাল নোট বনোৱা যন্ত্ৰ , ৫৯ হাজাৰ ৫ শ জাল নোটসহ ফাৰুক হুছেইন , ৰৈচুদ্দিন, নিজাম আলী, জাকিৰ হুছেইন আৰু মুনু ভূঞাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য গ্ৰেপ্তাৰ হোৱা ফাৰুক হুছেইন মৰিগাঁও জিলাৰ নেলীৰ বসুন্ধৰী এম ই এম নামৰ অপ্ৰদেশীকৃত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হোৱাৰ বিপৰীতে সমস্ত কাণ্ডৰ মাষ্টাৰমাইণ্ড হৈছে দবকাৰ ৰৈচুদ্দিন। গ্ৰেপ্তাৰ হোৱা আন দুজন ক্ৰমে মুনু ভূঞাৰ ঘৰ ধৰমতোলৰ বৰঘাতত। জাকিৰ হুছেইনৰ ঘৰ দবকাৰ দবকা পথাৰ আৰু নিজামৰ ঘৰ লখিমপুৰ জিলাৰ লালুকত।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাই প্ৰকাশ কৰা অনুসৰি বিগত কেইটামান দিন ধৰি ধৃত ৰৈচুদ্দিনৰ নেতৃত্বত এই ব্যক্তিকেইজনে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা বনোৱা মেচিন বিক্ৰীৰ বাবে বিভিন্নজনক যোগাযোগ কৰি আছিল। উল্লেখ্য মেচিনটোৰ নামেই দিয়া হৈছিল ঠগ মেচিন। সেই বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ নেতৃত্বত দল গঠন কৰি দিয়ে আৰু সেই মৰ্মে আজিৰ এই অভিযানত গ্ৰেপ্তাৰ হয় প্রৱঞ্চক চক্ৰটো।

You might also like