নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় গোস্বামীক বিদায় সম্বৰ্ধনা

কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ পদোন্নতি সূত্ৰে বদলি হোৱাত আৰক্ষী চকীৰ বাকীসকল সহকৰ্মী তথা স্থানীয় ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে সন্মিলিতভাৱে তেওঁক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা যাচে।

আৰক্ষী চকীৰ নতুনকৈ দ্বায়িত্ব গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমলজ্যোতি ঠাকুৰীয়া, এ এছ আই ৰাজু বড়ো ,বাকীসকল আৰক্ষীৰ লোক এই বিদায় সম্বৰ্ধনা সভাত উপস্থিত থকাৰ উপৰি ক্ৰমে মন্দিৰা এন চি, মালিবাৰী, নিছিলামাৰী ,হাৰিভাঙা আদিবোৰ গাঁৱৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

উল্লেখ্য যে প্ৰায় দুবছৰ কাল মন্দিৰা আৰক্ষী চকীৰ দ্বায়িত্বত নিয়োজিত থাকি অঞ্চলবাসীৰ অতিকে আপোন হৈ পৰাৰ লগতে কৰ্মক্ষেত্ৰতো এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ আৰক্ষী বিষয়াগৰাকী কয়া থানাৰ অ’চি হিচাপে পদোন্নতিৰ বদলি হোৱাত মন্দিৰা আৰক্ষী চকীৰ নতুনকৈ দ্বায়িত্ব লাভ কৰা আৰক্ষী বিষয়া কমলজ্যোতি ঠাকুৰীয়াৰ পৌৰহিত্যত মন্দিৰাত এক বিদায় সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়।

সদ্যবিদায়ী আৰক্ষী বিষয়া গোস্বামীক শৰাঁই, ফুলাম গামোচা আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। নিজৰ ভাষণ কালত মন্দিৰা আৰক্ষী চকীত কৰ্মৰত অৱস্থাত অঞ্চলবাসী ৰাইজ তথা বিভিন্ন দল-সংগঠন, সাংবাদিকসকলৰে দিহা-পৰামৰ্শ আৰু সহযোগিতাৰ শলাগ লয় আৰক্ষী বিষয়া গোস্বামীয়ে।

সভাত উপস্থিত সকলোৱে আৰক্ষী বিষয়া গৰাকীৰ সুস্বাস্থ্যৰ কামনা কাাৰ লগতে পদোন্নতিৰ অভিনন্দন জনায়। আৰক্ষী বিষয়াগৰাকীক বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিয়েও শৰাই, গামোচা আদিৰে আছুতীয়াকৈ সম্বৰ্ধনা যাচে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২২ নৱেম্বৰ

You might also like