নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত শিক্ষা মন্ত্ৰী, ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ আছুৰ

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: মেট্ৰিক পৰীক্ষাৰ ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ৰাজ্যৰ সৰ্বস্তৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছে । আজি মৰিয়নিত মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । মৰিয়নিৰ থানা তিনি আলিত আজি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্দ্ধ শতাধিক কৰ্মীয়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা দাহ কৰে । আছু কৰ্মীসকলে শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনকলৈ হেতালি নেখেলিব আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে । পিছত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুনীন চুতীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে দাহ কৰা পুত্তলিকাৰ অগ্নি নিৰ্বাপন কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে, প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনন্ত বৰঠাকুৰে কয়- বছৰৰ মূৰত হোৱা মেট্ৰিক পৰীক্ষাও শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাই নিজৰ দায়িত্বৰ পৰা নিজেই অব্যাহতি লওক । আনহাতে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষা মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰে । ছাত্ৰনেতাজনে লগতে ছেবাক সংস্কাৰৰ প্ৰয়োজন বুলি উল্লেখ কৰি অতি শীঘ্ৰে ছেবাক সংস্কাৰ কৰিবৰ বাবেও দাবী জনায় । ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ বাৰে বাৰে হেতালি খেলা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শীঘ্ৰেই এই দাবী মানি নল’লে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলিও সকিয়াই দিয়ে ।

দিব্যজ্যোতি শইকীয়া

You might also like