নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাই সমষ্টিত অনুষ্ঠিত স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই

  • খুমটাই সমষ্টিৰ বৰটিকাক গ্ৰাম্য ক্ষুদ্ৰ অভয়াৰণ্য ঘোষণা মুখ্যমন্ত্ৰীৰ
  • ৰাজ্যত অনুষ্ঠিত হ’ব আন্তঃজিলা স্বচ্ছতা প্ৰতিযোগিতা আৰু খেল মহাৰণ: মুখ্যমন্ত্ৰী

 

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: ৰাজ্যখনত স্বচ্ছতাৰ দিশত এক নতুন মাত্ৰা সংযোজনৰ উদ্দেশ্যৰে সকলো জিলা সামৰি আন্তঃজিলা স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে পদক্ষেপ ল’ব৷ এই প্ৰতিযোগিতাত প্ৰতিখন জিলাৰ গাঁও আৰু চহৰসমূহে অংশগ্ৰহণ কৰিব আৰু প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা জিলাখনক উন্নয়নমূলক কামৰ বাবে ১০০ কোটি টকা প্ৰদান কৰা হ’ব৷ আজি গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিত বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আয়োজিত আন্ত-গাওঁ আৰু আন্তঃচাহ বাগিচা স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে৷

খুমটাই সমষ্টিৰ বৰটিকাত এই উদ্দেশ্যে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতাৰ আহ৩ানৰ প্ৰতি সঁহাৰি জনাই আন্তঃজিলা স্বচ্ছতা প্ৰতিযোগিতাৰ জৰিয়তে অসমক দেশৰ ভিতৰতে অন্যতম এখন পৰিচ্ছন্ন ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব৷ তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত বৰটিকা অঞ্চলক গ্ৰাম্য ক্ষুদ্ৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰে৷ তদুপৰি ৰাজ্য চৰকাৰৰ প্ৰকৃতিৰ সৈতে ভাৰসাম্যতা ৰক্ষা কৰি বিকাশৰ নতুন অধ্যায়ৰ বাবে লোৱা প্ৰচেষ্টাৰ অন্তৰ্গত অঞ্চলটোত এক বৃক্ষৰোপন কাৰ্যসূচীৰো শুভাৰম্ভ কৰে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যবাসীয়ে যাতে এক স্বাস্থ্যকৰ জীৱন-যাপন কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে এক নিৰ্মল আৰু সেউজ বাতাৱৰণ গঢ়িবলৈ প্ৰয়াস কৰিছে৷ স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰি খুমটাই বিধানসভা সমষ্টিয়ে এক নিদৰ্শন প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনে পদক্ষেপৰ ফলত সমষ্টিটোৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটিব বুলি কয়৷

ৰাজ্যৰ প্ৰতিখন গাঁৱে এটা বিশেষ দিন গ্ৰাম্য দিৱস হিচাপে উদ্‌যাপন কৰাৰ বাবে অসম চৰকাৰে পুঁজিৰ যোগান ধৰিব বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সদৰি কৰে৷ তেওঁ কয় যে আহিবলগীয়া দিনবোৰত ৰাজ্যৰ প্ৰতিখন গাঁৱে একোখনকৈ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু এই প্ৰতিযোগিতাৰ বিজয়ীসকল জিলা পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ব৷ আনহাতে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বিজয়ীসকলে ‘খেল মহাৰণ’ নামেৰে ৰাজ্য চৰকাৰে আয়োজন কৰিবলগীয়া ৰাজ্যিক ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভৰ বাবে অৱতীৰ্ণ হ’ব৷ সেইদৰে গ্ৰামাঞ্চলত বসবাস কৰা যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গাঁও, জিলা আৰু ৰাজ্যিক পৰ্যায়ত সংগীত, বিহু নৃত্য আৰু আন পৰম্পৰাগত নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব৷

স্বচ্ছতাৰ দিশত খুমটাইবাসীয়ে প্ৰদৰ্শন কৰা প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সমষ্টিটোৰ অন্তৰ্গত চাহ বাগিচা আৰু আন এলেকাত ৰাজ্য চৰকাৰে পকী পথ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ জিলা পৰিষদ, খুমটাই জিলা পৰিষদ, কঠালগুৰি জিলা পৰিষদ আৰু দক্ষিণ হেঙেৰা জিলা পৰিষদীয় এলেকাৰ গাঁওসমূহৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত শীৰ্ষ পাঁচটা স্থান লাভ কৰা গাঁও আৰু শীৰ্ষ তিনিটা স্থান লাভ কৰা¸ চাহ বাগিচাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ স্বচ্ছতাৰ দিশত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে প্ৰথম পুৰষ্কাৰ লাভ কৰা গাঁও আৰু চাহ বাগিচাক ২ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণৰ সমান্তৰাল ধনৰাশি আৰু দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ হিচাপে ক্ৰমে ২০ লাখ, ১৬ লাখ, ১০ লাখ আৰু ৬ লাখ টকা প্ৰদান কৰা হ’ব৷ এই ধনৰাশিৰ আধা অংশ বিধায়ক মৃণাল শইকীয়াই তেওঁৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰা ব্যয় কৰাৰ বিপৰীতে বাকী ধনৰাশি ৰাজ্য চৰকাৰে প্ৰদান কৰিব৷

স্বচ্ছতা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ভালুকীটিঙত অনুষ্ঠিত এক সভাতো অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীত স্থানীয় বিধায়ক মৃণাল শইকীয়া উপস্থিত থাকে৷

You might also like