নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

বিদেশী ন্যায়াধীকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ অসম চৰকাৰে প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশৰ বিৰোধিতাৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই জিলা সদৰত চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰায় শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীৰ উপস্থিতিত প্ৰতিবাদকাৰীসকলে নলবাৰী শ্বহীদ ভৱনৰ পৰা সমদল কৰি পি এন চি পথত প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ  সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক,উৎপল কলিতা আদি।

বিশেষ বাৰ্তা, নলবাৰী, ৮ আগষ্ট, ২০২৫

You might also like