নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা চোৰৰ গেঙৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ACTION

ৰাজ্যৰ চৌদিশে মিঞা চোৰৰ তাণ্ডৱ চলি থকাৰ মাজতে মৰিগাঁও নগৰৰ মাজমজিয়াৰ এম বাজাৰ নামৰ শ্বপিং মল টোত নিশা চুৰি কাৰ্য সংঘটিত কৰা ধুবুৰীৰ তাইজোদ্দীন ৰ দলটোক ৫ দিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী । ২৭জুলাই তাৰিখে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য ৰ নেতৃত্বত মৰিগাঁও আৰক্ষীৰ এটা বিশেষ টিমে অভিযান আৰম্ভ কৰে। চি চি টি ভি ভিজুৱেল পৰীক্ষা কৰি গুৱাহাটী মহানগৰী ত অভিযান চলাই। মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সফল অভিযান চলাই প্ৰথমে চোৰৰ দল টোৱে ব্যৱহাৰ কৰা গাড়ী খনৰ সন্ধান লাভ কৰে। নেক্সন গাড়ী ভাড়া কৰি মহানগৰী ৰ পৰা আহি মৰিগাঁও ৰ শ্বপিং মলৰ কেছ বক্স উঠাই লৈ যোৱা চোৰৰ গেং ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এসময়ত ধুবুৰীত মিস্ত্ৰী হিচাপে কৰ্মৰত তাইজোদ্দীন শেখ পৰৱৰ্তী সময়ত কুখ্যাত চুৰি চক্ৰৰ চৰ্দাৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ জয়া নগৰৰ ভাড়া ঘৰত থাকি মৰিগাঁও , গোৱালপাৰা আদিত সংঘটিত কৰে দুৰ্ধৰ্ষ চুৰি কাণ্ড সংঘটিত কৰিছিল।মল টোত চুৰি কাৰ্য কৰা মৰিগাঁও ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য কৰা ধুবুৰীৰ তাইজোদ্দীন শেখ, আৰিফুল শেখ আৰু নর্থ গাৰো হিলছ ৰ গিলবাৰ্ট মাৰাক নামৰ এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগদ ধন আৰু কাপোৰ তথা শ্বপিং মল তোৰ কেচ বক্স তো উদ্ধাৰ কৰে।

You might also like