নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীক আধা কি:মি: বোকোছাত নি-১০৮ ত তুলিলে এজন ক’ভিড যোদ্ধাই

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ পি,পি কীট পৰিহিত এজন স্বাস্থ্য কৰ্মীয়ে এজন ক’ভিড ৰোগীক বোকাছাত ৫০০ মিটাৰ দূৰত্বৰ পথ কঢ়িয়াই লৈ গৈ ১০৮ সেৱাৰ গাড়ীত তুলি চিকিৎসালয় পোৱালেগৈ শুকুৰবাৰে নিশা। এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অসামৰিক চিকিৎসালয়ৰ এলেকাত।

জানিব পৰা মতে ঘিলামৰা অসামৰিক চিকিৎসালয়ৰ জৰুৰী চিকিৎসা সেৱা-১০৮ৰ কৰ্মচাৰী গোপাল শইকীয়া আৰু চালক দুয়ো এজন ক’ভিড ৰোগীক ঘৰৰ পৰা চিকিৎসালয়লৈ আনিবলৈ ৰাওনা হৈছিল শুকুৰবাৰে নিশাৰ ভাগত। কিন্ত ৰোগীজনৰ ঘৰ পোৱাৰ পূৰ্বেই-৫০০ মিটাৰমান দূৰতে ৰৈ যাব লগা হয় ১০৮ গাড়ী। ৰোগীজনৰ ঘৰৰ পদূলিলৈকে যাব পৰাকৈ পথটো সুচল নহয়।তদুপৰি ঠেক পথৰ বাবে গাড়ী কোনোৰকমে আগুৱাই নিব নোৱাৰি। ৰোগীজন যথেষ্ট গুৰুত্বৰভাৱে অসুস্থ অৱস্থাত থকাত-১০৮-ৰ কৰ্মী খোজকাঢ়িয়েই ঘৰ পালেগৈ ৰোগীজনৰ আৰু অলপো পলম নকৰি জৰুৰী চিকিৎসা সেৱাৰ কৰ্মী গোপাল শইকীয়াই মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি বহু কষ্টেৰে-৫০০ মিটাৰ পথ কভিড ৰোগীজনক বোকাছাত তুলি আনি উঠালেহি ১০৮-গাড়ীত। কম সময়ৰ ভিতৰতেই চিকিৎসালয়ত ভৰ্তি কৰাবলৈ সক্ষম হয় ক’ভিড ৰোগীজনক। অতি নিষ্ঠাৰে, ধৈৰ্য্য আৰু সাহসেৰে মানৱ সেৱাত বৰ্তী হোৱা স্বাস্থ্য কৰ্মী গোপাল
শইকীয়ালৈ আমি জনাইছোঁ শুভকামনা।

You might also like