নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত  প্ৰভাত ফেৰী

প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল শ শ ছাত্ৰ ছাত্ৰী

 নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট-সমগ্র দেশতে স্বাধীনতা ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা সজাগতা কাৰ্য্যসুচী পালন কৰা হৈছে । আজি পুৱা ঢকুৱাখনা মহকুমাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷পুৱাৰ ভাগৰ পৰা হোৱা প্ৰতিকূল বতৰকো নেউচি হাতে হাতে ‘তিনি বৰনীয়া জাতীয় পতাকালৈ বিদ্যালয়ৰ প্রাংগনৰ পৰা উলিওৱা হয় এই প্ৰভাত ফেৰী। বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ বৰুৱাৰ নেতৃত্বত আৰু  শিক্ষক সকলৰ সহযোগত উলিওৱা হয় এই প্ৰভাত ফেৰীত বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থীয়ে ঘৰে ঘৰে জাতীয় পতাকা,ভাৰত মাতা কি জয়,বন্দে মাতৰম, ইনক্লাৱ জিন্দাবাদ, বীৰ শ্বহীদ অমৰ হওঁক আদি শ্লোগানেৰে জীপাল কৰি তোলে ।শোভাযাত্ৰাৰ জৰিয়তে ৰাষ্ট্ৰ প্ৰেম দেশ প্ৰেমমূলক বিভিন্ন শ্লোগান দি ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ মাজত দেশ প্ৰেমৰ ভাৱ আৰু সুদৃহ হব পাৰে তাৰ এক সুন্দৰ পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হয় ।উক্ত অনুষ্ঠানৰ জৰিয়তে দেশখনৰ প্ৰতি,জাতীয় পতাকাখনৰ প্ৰতি গৌৰৱ অথবা সন্মানৰ ভাৱ জাগ্ৰত কৰিব বুলি বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like