নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অৱতৰণ ফৰাচী বায়ুসেনাৰ ৩ যুদ্ধ বিমান

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: টাইৱানৰ বিৰুদ্ধে চীনে যুযুধান অৱস্থান গ্রহণ কৰা সময়তে প্রশান্ত মহাসাগৰীয়া অঞ্চলত সমৰ অনুশীলনত অংশ ল’বলৈ যোৱাৰ পথত ভাৰতত অৱতৰণ কৰিছে ফৰাচী বায়ুসেনাৰ তিনিখন ৰাফেল যুদ্ধ বিমানে৷ তামিলনাডুৰ ছুলুৰ বায়ুসেনাৰ ঘাটিত ফৰাচী ‘এয়াৰ এণ্ড স্পেচ ফ’চ’ৰ যুদ্ধ বিমানৰ এই যাত্রাবিৰতিক কেন্দ্র কৰি ইতিমধ্যে চীনসহ বিভিন্ন দেশৰ চকু কপালত উঠিছে৷ ফৰাচী বায়ুসেনাই ১০ আগষ্টৰ পৰা ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চলাই আছে ‘পেগেছ–২২’ শীর্ষক সমৰ অনুশীলন৷ তাৰে অংশ হিচাপে ১০ আৰু ১১ আগষ্টত এই তিনিখন ৰাফেল যুদ্ধ বিমানে ছুলুৰ বিমান ঘাটিত আহি অৱতৰণ কৰে৷

বায়ুসেনাৰ এক সূত্রই সদৰী কৰা অনুসৰি ফৰাচী বাহিনীৰ এই অনুশীলনৰ লক্ষ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত ৭২ ঘণ্টাৰ ভিতৰত ফ্রান্সৰ পৰা প্রশান্ত মহাসাগৰৰ নিউ কেলিড’নিয়া দ্বীপপুঞ্জৰ ফৰাচী সেনাঘাটিত যুদ্ধ বিমানসহ প্রয়োজনীয় সামৰিক সৰঞ্জাম তথা সেনা মোতায়েন নিশ্চিত কৰা৷

স্মর্তব্য যে ফ্রান্সৰ সৈতে স্বাক্ষৰ হোৱা কৌশলপূর্ণ প্রতিৰক্ষা সহযোগিতা চুক্তি মানিয়েই ভাৰতীয় বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিছে এই তিনিওখন যুদ্ধ বিমানে৷ ২০১৮ত স্বাক্ষৰ হোৱা চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানেও যিকোনো পৰিস্থিতিত ফৰাচী বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিব পাৰে৷ এই যাত্রাবিৰতি বা ‘ষ্টপ অভাৰ’ হৈছে কৌশলপূর্ণ প্রতিৰক্ষা সহযোগিতা চুক্তিৰ এক অংশ৷ পুনৰ ‘পেগেছ–২২’ চলি থকা সময়ত ফৰাচী যুদ্ধ বিমানে ভাৰতীয় বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰাৰ সম্ভাৱনা আছে৷

You might also like