নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মগুৰুক চয়তান আখ্যা দিওঁতাৰ বিৰুদ্ধে ওদালগুৰিত চান্থালীৰ গর্জন

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ এটি বিতর্কিত গীতক লৈ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে দেশ–বিদেশৰ চান্থাল সমাজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ চান্থাল ধর্মগুৰু (সৃষ্টিকর্তা) মাৰাং বুৰুক চয়তান আখ্যা দি ৰচনা কৰা গীতত কণ্ঠদান কৰা কণ্ঠশিল্পী মেৰী হাচদাৰ লগতে গীতৰ ৰচক তথা ইউটিউব চেনেলৰ পৰিচালকসহ সকলো টীমক গ্রেপ্তাৰৰ দাবীত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰৰ থানাত চান্থাল সমাজে দাখিল কৰিছে এজাহাৰ৷ আজি ওদালগুৰিতো আদিম চান্থাল সমাজ, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাস ময়দানত কেইবা শ চান্থাল সমাজৰ বুদ্ধিজীৱী, লেখক তথা শিক্ষাবিদৰ উপস্থিতিত এখন বিশাল প্রতিবাদী সভাৰ আয়োজন কৰি চান্থাল সমাজৰ ধর্মীয় অনুভূতিত আঘাত হনাৰ উদ্দেশ্যে ৰচনা কৰা গীতৰ ভিডি’ প্রস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰা কণ্ঠশিল্পী মেৰী হাচদাৰ লগতে গীতৰ ৰচক জাওচিম টুডু আৰু ভিডিঅ’ নির্মাতা অনিতা চৰেণৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি শীঘ্রে তেওঁলোকক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবী জনায়৷ আদিম চান্থাল সমাজৰ উপদেষ্টা চানু চৰেণৰ উপস্থিতিত তথা ওদালগুৰি জিলা সমিতি, চান্থাল সমাজৰ সভাপতি গোপেশ্বৰ কিচকু, সাধাৰণ সম্পাদক ডিবু টুডুৰ নেতৃত্বত ৰূপায়ণ কৰা প্রতিবাদী কার্যসূচীত চান্থাল সমাজক অপমান কৰা মেৰী হাচদাক শীঘ্রে গ্রেপ্তাৰ কৰক, চান্থাল সমাজৰ ধর্মীয় অনুভূতিত আঘাত হনা বন্ধ কৰক আদি বিভিন্ন শ্লোগান দিয়ে৷

প্রতিবাদী কার্যসূচীৰ নেতৃত্ব দিয়া ওদালগুৰি জিলা চান্থাল সমাজৰ সভাপতি গোপেশ্বৰ কিচকুৱে বাক্সা নিৱাসী কণ্ঠশিল্পী মেৰী হাচদাই চান্থালসকলৰ ভগৱান স্বৰূপ সৃষ্টিকর্তা মাৰাং বুৰুক চয়তান আখ্যা দিয়া আৰু এই চয়তানৰ বিৰুদ্ধে যীশুৱে যুদ্ধ কৰা বুলি চৰম অপমানজনক গীতত কণ্ঠদান কৰি তাৰ ভিডি’ বনাই সামাজিক মাধ্যমত বিয়পাই দিয়া বুলি অভিযোগ তোলে৷ কণ্ঠশীল্পীগৰাকীয়ে উদ্দেশ্যপ্রণোদিতভাৱে এই কার্য কৰি হিন্দু ধর্মাৱলম্বী চন্থাল সমাজৰ ধর্মীয় অনুভূতিত আঘাত হনাৰ লগতে ধর্মীয় সংঘাত সৃষ্টি কৰাৰ ষডযন্ত্র কৰিছে৷ এইগৰাকী কণ্ঠশিল্পীৰ লগতে গীতৰ ৰচক তথা সম্পূর্ণ দলটোক শীঘ্রে গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদানৰ ব্যৱস্থা গ্রহণ নকৰিলে চান্থাল সমাজে আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে৷

উল্লেখ্য যে বিটিআৰৰ বাক্সা জিলাৰ চান্থাল সম্প্রদায়ৰেই এগৰাকী কণ্ঠশিল্পী মেৰী হাচদাই চান্থাল সমাজৰ সৃষ্টিকর্তা মাৰাং বুৰুক চয়তান আখ্যা দি এটি গীতত কণ্ঠদান কৰাৰ লগতে গীতটিৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল৷ এই গীতটি সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতেই ৰাজ্যৰ লগতে দেশৰ সকলো প্রান্তৰ চান্থাল সমাজৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে কণ্ঠশিল্পীগৰাকীক গ্রেপ্তাৰৰ দাবীত বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰিছিল৷ মেৰী হাচদাই চান্থালসকলৰ ধর্মীয় অনুভূতিত আঘাত হনা অভিযোগেৰে বিভিন্ন থানাত এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীক গ্রেপ্তাৰ নকৰাৰ প্রতিবাদত আজি ওদালগুৰিত চান্থাল সমাজে প্রতিবাদী কার্যসূচী ৰূপায়ণৰ লগতে শীঘ্রে তেওঁক গ্রেপ্তাৰ নকৰিলে জোৰদান আন্দোলনৰ হুংকাৰ দিয়ে৷ এই প্রতিবাদী কার্যসূচীত আদিম চান্থাল সমাজৰ ওদালগুৰি আঞ্চলিক সমিতি, ওদালগুৰি জিলা মহিলা মর্চা, যুৱ মর্চা আৰু সমাজপ্রেমীসকলে অংশগ্রহণ কৰি ধর্মীয় বিষবাষ্প বিয়পাব বিচৰা কণ্ঠশিল্পীগৰাকীক গ্রেপ্তাৰৰ দাবী জনায়৷

You might also like