নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭০ বছৰত পদাৰ্পণ ধুবুৰীৰ গৌৰীপুৰৰ খুদিমাৰীৰ চক্ৰৱৰ্তী পৰিয়ালৰ দুৰ্গাপূজা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ক’ভিড ভাইৰাছৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়মাৱলীৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া ধুবুৰী জিলাৰ গৌৰীপুৰৰ খুদিমাৰীৰ চক্ৰৱৰ্তী পৰিয়ালৰ ঐতিহ্যমণ্ডিত দুৰ্গা পুজাখন এইবাৰ ১৭০ বছৰত ভৰি দিব৷

জানিব পৰা মতে, গৌৰীপুৰৰ জমিদাৰৰ ৰাজধানী ৰাঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত হোৱাৰ সময়ৰ পৰা আৰম্ভ হোৱা এই পুজাখন ১৮৫২ চনৰ পৰাই নিৰৱিচ্ছিন্ন ভাৱে কৰি আহিছে পৰিয়ালটোৱে৷ তেওঁলোকৰ দুৰ্গা পূজাৰ ইতিহাস সন্দৰ্ভে চক্ৰৱৰ্তী পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ সদস্য পুলকেশ চক্ৰৱৰ্তীয়ে কয় যে, “আমাৰ পূৰ্বপুৰুষ বলৰাম মিশ্ৰই গৌৰীপুৰৰ জমিদাৰৰ আহ্বান ক্ৰমে তেওঁলোকৰ কুল দেৱতা মা মহামায়াৰ পুজা কৰাৰ সমান্তৰালকৈ স্থানীয় সংস্কৃত টোলৰ দায়িত্ব ভাৰ লবলৈ কনৌজৰ (বৰ্তমানে উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ড)পৰা ইয়ালৈ আহিছিল৷ তেখেতে খুদিমাৰী বিলৰ পাৰত ১৪৪ বিঘা মাটিত বসতি স্থাপন কৰিছিল আৰু  লগত লৈ অহা আমাৰ আৰোধ্য দেৱী দুৰ্গাৰ অষ্টধাতুৰ প্ৰতিমাটো স্থাপনা কৰিছিল৷”

এই পৰিয়ালটোৰ মন্দিৰত গোটেই বছৰে দেৱী দুৰ্গাৰ আৰোধনা কৰা হয় যদিও ষষ্ঠীৰ পৰা দশমীলৈকে পালন কৰা হয় বিশেষ কেতবোৰ পৰম্পৰা৷  “বছৰৰ অন্যান্য দিনৰ পুজাত আমাৰ বলীবিধান নাই৷ কিন্তু অষ্টমীৰ দিনা মা দূৰ্গাক পঠা বলি দি উৎসৰ্গিত কৰা হয়৷ পূৰ্বে অষ্টমীৰ দিনা প্ৰচুৰ বলি দিয়া হৈছিল যদিও বৰ্তমানে কেৱল  বলিপ্ৰথাৰ আনুষ্ঠানিকতা অক্ষুণ্ণ ৰাখিবলৈহে বলি দিয়া হয়। অৱশ্যে যোৱা বছৰ কোৰোণাৰ বাবে উদ্ভৱ পৰিস্থিতিৰ বাবে  বলি দিয়া হোৱা নাছিল যদিও এইবাৰ আমাৰ পৰম্পৰা অনুসৰি অষ্টমীত এটা পঠা বলিৰে মাক উৎসৰ্গ দিয়া হ’ব।”  এইদৰেই কয় পৰিয়ালটোৰ আন এগৰাকী সদস্য শ্যামল চক্ৰৱৰ্তীয়ে৷

আনহাতে খুদিমাৰীৰ বামুনপাৰাত যুগ যুগ ধৰি চলি অহা এই দুৰ্গা পূজাত বিসৰ্জনৰ কোনো নিয়ম নাই৷ পৰিয়ালটোৰ সত্যব্ৰত চক্ৰৱৰ্তীয়ে সদৰি কৰানুসৰি দশমীৰ দিনা সৰস্বতী আৰু যাত্ৰা পূজাৰে দুৰ্গা পূজাৰ সমাপ্তি ঘটে পূজাখনৰ৷ পিছে কঠোৰ নিয়ম-নীতিৰ মাজেৰে অনুষ্ঠিত হোৱা এই পূজাখনত বাহ্যিক জাকজমকতা নেথাকিলেও গোটেই বছৰে পৰিয়ালটোৰ দুৰ্গা মন্দিৰত মা স্বয়ং অধিষ্ঠিত থকাৰ এক লোক বিশ্বাস আছে ধৰ্মপ্ৰাণ ৰাইজৰ মাজত৷ 

Input -অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like