নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি প্ৰযুক্তি তথা যন্ত্ৰপাতি প্ৰদৰ্শনী মেলা

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: “কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা গ্ৰহনেৰে অধিক কৃষকক সংযুক্ত কৰি সামগ্ৰিকভাৱে কৃষিক অধিক শক্তিশালী কৰিব লাগিব । কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰৰ আমাৰ উদ্ভাৱন সমুহ যথোচিত ভাবে ব্যৱহাৰ কৰি এই দিশত থকা আসোঁৱাহসমুহ দুৰ কৰাৰ দিশত কৃষক ৰাইজে পৰামৰ্শ আগবঢ়ালে সামগ্ৰিক কৃষিৰ লগতে কৃষি যান্ত্ৰিকীকৰণৰ দিশতো আমি আগৰণুৱা হ’ব পাৰিম।”-যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত “কৃষি প্ৰযুক্তি তথা যন্ত্ৰপাতি প্ৰদৰ্শনী মেলা “উদ্ধোধন কৰি এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই।

শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনাৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প আৰু কৃষি সা-সঁজুলি তথা যন্ত্ৰপাতিৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ যৌথ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য গৰাকীয়ে কৃষক সকলক কৃষি যান্ত্ৰিকীকৰণৰ অধিক সুবিধা গ্ৰহণ কৰি উৎপাদন ব্যয় হ্ৰাস কৰাৰ দিশত চেষ্টা কৰিবলৈ আহ্বান জনায়। বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্রিক বিভাগৰ চৌহদত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনী মেলাখনত কৃষি যান্ত্ৰিকীকৰণৰ শেহতীয়া কাৰিকৰী কৌশল আৰু সজুঁলিসমুহ প্ৰদৰ্শন কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্য, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড: অনুপ কুমাৰ দাস, মহাগাণনিক ড: নিলোৎপল বৰঠাকুৰ, ছাত্ৰ কল্যাণ সঞ্চালক ড: ৰাণা প্ৰতাপ ভূঞা, চীফ লাইব্ৰেৰীয়ান ড: চন্দন হাজৰিকা, মুখ্য ব্যৱস্থাপক বিষয়া ড: প্ৰদ্যুৎ বিজয় গগৈ প্ৰমুখ্যে কৃষি অভিযান্ত্রিক বিভাগৰ মুৰব্বী, অধ্যাপক, বিজ্ঞানী, কৰ্মচাৰীসকল আৰু শতাধিক কৃষকে অংশগ্ৰহণ কৰে।

You might also like