নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেৰগাঁৱত বড়োলেণ্ড ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ওদালগুৰি জিলাৰ ভেৰগাঁৱত আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ । বি টি চিৰ ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভেৰগাঁও মহকুমা সদৰৰ ভেৰগাঁও ষ্টেডিয়ামত ২৪, ২৫ আৰু ২৬ মাৰ্চত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই সমাৰোহ আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটীৰ টেপেচিয়াৰ লক্ষ্মী বাঈ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচনৰ ডীন ড° শংকৰ ব্ৰহ্মই । সমাৰোহ উদ্বোধন কৰি ব্ৰহ্মই ক্ৰীড়া ক্ষেত্ৰখনৰ উজ্বল সম্ৱাৱনাৰ কথা ব্যক্ত কৰি উদীয়মান যুৱক-যুৱতীসকলক ক্ৰীড়া ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বি টি চিৰ ক্ৰীড়া, যুৱ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে । বড়োলেণ্ড ইণ্ডিজেনাছ গেমছ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক গুণ শংকৰ ৱাৰী, কনক লাল স্বৰ্গীয়াৰী, অজিত বসুমতাৰীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা এই গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলন, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন, শিখা প্ৰজ্বলন, খেলুৱৈৰ শপত গ্ৰহণ ইত্যাদি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে শান্তি -সংহতিৰ বাবে আকাশত উৰুৱাই দিয়া হয় এহাল বগা পাৰ চৰাই আৰু বেলুন । ইয়াৰ পিছতে জনজাতীয় খাদ্য বিপণী আৰু ” জনজাতি সকলৰ সাংস্কৃতিক পৰম্পৰা” শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰে আয়োজক সমিতিৰ সভাপতি তথা বি টি চিৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োৱে । উদ্বোধনী অনুষ্ঠানৰ পিছতে বিভিন্ন এৰেনাত সমান্তৰাল ভাৱে চলি থাকে মহিলাৰ ফুটবল, ভলী বল, কাবাডী, বক্সিং, উশ্বু আদি খেল সমুহ । বিয়লি সাংস্কৃতিক বিনিময় অনুষ্ঠান মুকলি কৰে পূৰ্বৰ অনাতাঁৰ শিল্পী গোলাপ বসুমতাৰীয়ে ।

ধীৰেন মহলীয়া আৰু প্ৰফুল্ল বড়ো, খৈৰাবাৰী-ওদালগুৰি

You might also like