নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সংবাদমেল

  • শিক্ষাৰ অধিকাৰ ২০০৮ আইন তথা বিভিন্ন সমস্যা সমাধানৰ দাবী 

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা )ই মাৰ্ঘেৰিটাত আজি এখন সংবামেলৰ জৰিয়তে চৰকাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰাৰ লগতে দাবী উত্থাপন কৰে। তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক চামুৱেল তপ্ন আৰু মাৰ্ঘেৰিটা আঞ্চলিকৰ উপ সভাপতি সঞ্জয় বাৰ্লাই সন্মোধন কৰা সংবাদমেলৰ জৰিয়তে ১৮ তম আদিবাসী মহাসভাৰ সিদ্ধান্তসমূহ ১৮ তম আদিবাসী মহাসভা ১০,১১ আৰু ১২ ফেব্ৰুৱাৰী ২০২৩ তাৰিখ বীৰ বিৰছা মুণ্ডা ষ্টেডিয়াম, চাপৰ চাহ বাগিছা, ধুবুৰী অসম)ত তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰতিনিধি বৈঠকত লোৱা সিদ্ধান্ত সমূহ আজি মাৰ্ঘেৰিটা চেগুনবাৰীত অনুষ্ঠিত কৰা সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে। ২০২৩ বৰ্ষটো আদিবাসীসকলৰ বাবে শিক্ষা বৰ্ষ হিচাপে বিশেষকৈ ছোৱালী শিক্ষাক প্ৰধান্য দিবলৈ ঘোষনা কৰে।

চলিত২০২৩ বৰ্ষৰ ভিতৰত অসমত বসবাস কৰা মুণ্ডা, ওৰাং চাওঁতাল খাড়িয়া পৰজা কিষাণ, গড় ইত্যাদি আদিবাসী সকলক ৰাজ্যসভাত উত্থাপন হোৱা The Constitution (Schedule Tribes) Order (Second Amendment) Bill ২০১৯ অনুসৰি কেন্দ্রীয় তথা অসম চৰকাৰে জনজাতিকৰণৰ মর্যাদা প্রদান, মুণ্ডা (আদিবাসী) ওৰাং (আদিবাসী) খাড়িয়া,(আদিবাসী), চাওঁতাল (আদিবাসী) পৰজা (আদিবাসী) ইত্যাদি আৰ্হিত জনজাতীয় বৈশিষ্ট থকা জনজাতি সকলক আদিবাসীৰ নামত শুদ্ধ জাতিগত প্রমাণ পত্ৰ প্ৰদান, আদিবাসীৰ জাতিগত প্রমাণ চিনাক্তকৰণ কৰাৰ দায়িত্ব “আদিবাসী জাতীয় মঞ্চ, অসমক” প্রদান, আদিবাসী সকলে যুগ যুগ ধৰি ভোগ দখল কৰি থকা মাটিৰ পট্টা প্রদান কৰিব লাগিব লগতে সংৰক্ষিত শ্ৰেণী আদিবাসীসকলক ভূমি অসংৰক্ষিত শ্রেণী লোকৰ হাততলৈ হস্তান্তৰ বন্ধ কৰিব লাগিব। বৃহত্তৰ আদিবাসী সকলৰ জাতীয় স্বাৰ্থত বিভাজিত “আছা” সদস্য সকলোকে ধৰি সকলো আদিবাসী সংগঠন একত্রীত ভাবে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা, অসম চৰকাৰে আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জনক আদিবাসী ব্যক্তিক নিযুক্তি, অসমৰ চৰকাৰে আদিবাসী অধ্যুষিত গাম্য অঞ্চলত মধ্য ইংৰাজী, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুনকৈ স্থাপন, শিশু শ্রমিক বন্ধ কৰা আৰু আধাতে স্কুল ত্যাগ কৰা শিশু সকলৰ বাবে অসম চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহন কৰা, মানৱ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰা, চাহ শ্ৰমিক সকল মালাবাহী গাড়ী যাতায়ত বন্ধ কৰাৰ আদি জনোৱাৰ লগতে নেতাত্ৰয়ে কয় যে অসম চৰকাৰে আদিবাসীসকলৰ সমস্যাসমূহ যিদৰে সমাধান কৰিব লাগিছিল সেই অনুসৰি আজিলৈকে প্ৰায়বোৰ মূল সমস্যাসমূহ সমাধান হোৱা নাই গতিকে চৰকাৰে আদিবাসী সকলৰ মূল সমস্যা সমূহ শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। আজিৰ সংবাদমেলত আছা মাৰ্ঘেৰিটা আঞ্চলিকৰ কেইবজনো বিষয়ববীয়া তথা সদস্য সকল উপস্থিত থাকে। অন্যহাতে শেহতীয়াকৈ মেট্ৰিকৰ পৰিক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

 

মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা

You might also like