নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যাৱসায়ীক দুৰ্ব্যৱহাৰ: দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক অভিযোগ আমছুৰ

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত সম্পৰ্ক সুমুধৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰাৰ সময়তে গোৱালপাৰা জিলাৰ দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ব্যৱসায়ীক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ব্যাৱসায়ীক দুৰ্ব্যৱহাৰ কৰা বুলি আমছুয়ে আজি গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকক এখনি লিখিত অভিযোগ দাখিল কৰে । গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক আনিছুৰ আলম স্বাক্ষৰিত অভিযোগ পত্ৰত উল্লেখ কৰা মতে যোৱা ১৪ মাৰ্চৰ নিশা ১২ বজাত দামৰা অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী ইনামুল হক চৌধুৰীয়ে নিজ কাম সামৰি সহযাত্রীৰ সৈতে গাড়ীৰে ঘৰলৈ বুলি যাত্ৰা কৰে । কিন্তু ঘৰমুৱা হৈ থাকোঁতে দামৰা আৰক্ষী চকীৰ সন্মুখত পথৰ মাজত গাড়ীৰ সন্মুখত থিয় হৈ এগৰাকী গৃহৰক্ষী জোৱানে চালকৰ মুখত টর্চ লাইট মাৰি গাড়ী ৰখাবলৈ কয়। গাড়ী ৰখাৰ পিচত চালক জনে খালি গাড়ী বুলি কোৱাৰ লগতে পথৰ মাজত গাড়ীৰ সন্মুখত থিয় হলে কেতিয়াবা বিপদ হব পাৰে বুলি কোৱাত আৰক্ষী চকীৰ ভিতৰৰ পৰা চাই থকা ভাৰপ্ৰাপ্ত বিষয়া ধজেন কলিতা খঙত অগ্নিশৰ্মা হৈ গাড়ীত বহি থকা আটাই কেইজনক আৰক্ষী চকীৰ ভিতৰত মাতি লৈ যায়। তাত বিষয়া গৰাকীয়ে নানান অশ্লীল ভাষাৰে গালি-গালাজ কৰি মিছা কেচত ফচাই জেলত ভৰাই থোৱাৰ ভাবুকি দি প্রায় ১ ঘণ্টা সময় থিয় কৰাই ৰাখে । পিচত বিষয়া জনে গাড়ী নথি-পত্র চাই কতো একো ভুল নাপাই মোবাইলত তেওঁলোকৰ ফটো তুলি ৰাখি ঘৰত যাব দিয়ে।

কেৱল এয়াই নহয় দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধজেন কলিতাই বিগত সময়ছোৱাত বহু দুখীয়া শ্ৰেণীৰ ক্ষুদ্ৰ ব্যৱসায়ী, বাইক আৰোহী, মালবাহী গাড়ী, যাত্রী বাহী উইংগাৰ ইত্যাদিৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে কিছুমান সৰু-সুৰা মাৰ-পিটৰ ক্ষেত্ৰত আপোচ মিমাংসাৰ নামত বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

অসম- মেঘালয় সীমান্ত অঞ্চলৰ সকলোৰে ভৰষাৰ এই আৰক্ষী চকীটোৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এনে কাৰ্য্য কলাপৰ ফলত অঞ্চলটোৰ বহু ক্ষতি হৈছে। সেয়েহে, অতি শীঘ্ৰেই উক্ত বিষয়া গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আমছুয়ে । অন্যথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে গণতান্ত্রিক ভাৱে তীব্ৰ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলিও অভিযোগ পত্ৰত উল্লেখ কৰিছে ।

উল্লেখ্য যে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক দামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুবাৰ অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে। নিজকে আৰক্ষী অধীক্ষকৰ সো-হাত বুলি পৰিচয় দি দামৰা অঞ্চলত দাদাগিৰি চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অসম-মেঘালয় সীমান্তবৰ্তী দামৰা আৰক্ষী চকীত বিতৰ্কিত বিষয়া এগৰাকীক দ্বায়িত্ব দি ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপিত হৈছে।

You might also like