নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিছিলামাৰীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশনৰ প্ৰস্তুতি; লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা,  ৬ মাৰ্চ: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ ১৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন খনি ৪ , ৫ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে নিছিলামাৰীত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে । আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় । এক মাংগলিক পৰিৱেশত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে বি জে পি নেতা তথা বিশিষ্ট সমাজ কৰ্মী জৌশ্ৰাং বড়োৱে । লাইখুঁটা স্থাপন অনুষ্ঠানত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপ-সভাপতি বাপ্পী সৰকাৰ, খৈৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি বিচিত্ৰ শীল, সম্পাদক নিৰ্মল দেৱনাথ, বিশিষ্ট নাগৰিক পংকজ সৰকাৰ, মদন সৰকাৰকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে অধিৱেশন খনি সুচাৰুৰূপে চলাই নিবৰ বাবে খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক অনিল চৌধুৰীক সভাপতি, ধ্ৰুৱজ্যোতি বড়োক কাৰ্যকৰী সভাপতি, তন্ময় দেৱনাথ আৰু পল্লৱ তালুকদাৰক যুটীয়া সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছে । অধিৱেশন সফল কৰাৰ বাবে অভ্যৰ্থনা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই আছে । অধিৱেশনৰ কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় -সহযোগ তথা উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে ।

ধীৰেন মহলীয়া

You might also like