নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ৰ’টাৰী ক্লাবত ৮০ গৰাকী দিব্যাংগ লোকক ভেকচিন প্ৰদান

নিয়মীয়া বাৰ্তা ৩ জুনঃ দুলীয়াজান ৰ’টাৰী ক্লাবৰ উদ্যোগত অইল ইণ্ডিয়া হাস্পতালৰ সহযোগত আৰু জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত যোৱা ১৯ মে’ পৰা ১৮ বছৰ উৰ্ধৰ প্ৰতি দিনে ১০০ গৰাকীকৈ অনলাইন যোগে পঞ্জীয়নভূক্ত লোকক ক’ভিড ভেকচিন প্ৰদান কৰি আহিছে । সেইদৰে কালি বুধবাৰৰ দিনটোত প্ৰায় ৮০ গৰাকী দিব্যাংগ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হয় । বৰ্তমানলৈকে ১৩০০ গৰাকী ব্যক্তিক ৰ’টাৰী ক্লাবৰ উদ্যোগত ভেকচিন প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে ক্লাবৰ সভাপতি ৰাজুমণি গগৈয়ে ।

ক’ভিড-১৯ প্ৰতিৰোধৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই ভেকচিনেচন কাৰ্যসূচীত সক্ৰিয়ভাৱে সহযোগ আগবঢ়াই ৰটাৰীয়ান তথা অইল ইণ্ডিয়াৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ  অজয় কুমাৰ শৰ্মা, ডাঃ অভিজিৎ দত্ত, মহকুমা স্বাস্থ্য বিষয়া ডাঃ কুলেন চন্দ্ৰ গোঁহাই, ৰ’টাৰী ক্লাবৰ উপসভাপতি সুনীল বৰগোহাঁই, ৰটাৰীয়ান প্ৰবীণ শইকীয়া,যশপাল সিং, পূৰ্ণজ্যোতি ফুকন প্ৰমুখ্যে স্বাস্হ্যকৰ্মী কল্পনা দেউৰী, মানসী গগৈ, ভাগ্যশ্ৰী ফুকন, এলজিন তপ্ন আদি ।

You might also like