নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা প্রচাৰেৰে ৰাইজক শংকিত কৰিছে হাগ্রামাই

বিটিআৰবাসীৰ শান্তি–পৰিৱর্তন–স লৈ ওদালগুৰিৰ সভাত এবছুৰ সভাপতি

নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ বিটিআৰত সকলো জাতি–জনগোষ্ঠীৰ সম–উন্নয়নত নিখিল বডো ছাত্র সন্থাই অধিক গুৰুত্ব প্রদান কৰিব৷ হাগ্রামা মহিলাৰীৰ ভুৱা প্রচাৰত কোনো জাতি–জনগোষ্ঠী শংকিত নহ’ব৷– এই মন্তব্য নিখিল বডো ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি দ্বিপেন বডোৰ৷ আজি ওদালগুৰিৰ স্থানীয় বিষ্ণু ৰাভা কৃষ্টি সংঘ প্রাংগণত নিখিল বড়ো ছাত্র সন্থাৰ উদ্যোগত আৰু বিটিআৰৰ ১৬টাকৈ ছাত্র সংগঠনৰ সহযোগত বিটিআৰবাসীৰ শান্তি, পৰিৱর্তন আৰু সম–ধিকাৰ সন্দর্ভত অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত এবছুৰ সভাপতি দ্বিপেন বডোৱে লগতে কয়– বিটিআৰত যাতে সকলো জাতি–জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি সম–উন্নয়ন আনিব পাৰোঁ, তাৰেই কামনা কৰিছেছা বিটিআৰ সমন্বয়ৰক্ষী সমিতিয়ে৷ বিটিআৰ চুক্তিক আমি আদৰণি জনাইছেছা আমাৰ বসবাস কৰা সকলো জাতি–জনগোষ্ঠীৰ স্বার্থ পূৰণৰ হকে৷ গ্রাম্য উন্নয়ন সমিতিৰ জৰিয়তে ৰাইজৰ পদূলিত ৰাইজৰ উন্নয়ন কৰা হ’ব৷ হাগ্রামা মহিলাৰীয়ে ১৭ বছৰে ঠগ–প্রৱঞ্চনাৰে বিটিচি শাসন কৰি ৰাইজৰ উন্নয়ন অনাত ব্যর্থ হ’ল৷ এতিয়া তেওঁ ভুৱা প্রচাৰ চলাই ৰাইজক শংকিত কৰিব বিচাৰিছে৷ সেয়ে ৰাইজে তেওঁৰ এনে ভয়–ভাবুকিত ভয় খাব নালাগে, ভুৱা প্রচাৰত গুৰুত্ব দিয়াটোও উচিত নহয়৷ কোনো জাতি–জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ কাঢ়ি লোৱাৰ কথা নাহে৷ আমি আশ্বাস প্রদান কৰিছোঁ– বিটিআৰত যিয়ে যেনেকৈ বসবাস কৰি আছে, তেওঁলোকৰ ভূমি–সম্পত্তি সদায় সুৰক্ষিত হৈ থাকিব৷ কোনো জাতি বেদখলকাৰী নহয়৷ বডোৱে লগতে কয়– প্রমোদ বডোৰ নেতৃত্বত ইউপিপিএলৰ চৰকাৰ আহিলে প্রতিটো পুৰুষ– মহিলাৰ আত্মসহায়ক গোটক ৭৫ হাজাৰকৈ এককালীন সাহায্য, প্রতিবছৰে ৫০ হাজাৰ চাকৰিৰ ব্যৱস্থাৰে প্রতিটো পৰিয়ালৰ এজনক সংস্থাপনৰ ব্যৱস্থা কৰিব৷ তেওঁ কয় যে ভাৰত চৰকাৰৰ পৰা লাভ কৰা ৩০০ কোটিৰে বৃহৎ আঁচনি গ্রহণ কৰি বিটিআৰৰ উন্নয়নত গুৰুত্ব প্রদান কৰা হ’ব৷ নিখিল বডো ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে আঁত ধৰা ৰাজহুৱা সভাত বিটিআৰ গোর্খা সমাজৰ সম্পাদক দীপক নিৰলাই হাগ্রামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়– ১৭টা বছৰে তেওঁৰ শাসনকালত ভূমিৰ অধিকাৰকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে৷ যাৰ ফলত বিভিন্ন জাতি–জনগোষ্ঠীৰ ৰাজনৈতিকভাৱে কোনো উন্নয়ন নহ’ল৷ এতিয়া ৰাইজে পৰিৱর্তন বিচাৰিছে আৰু পৰিৱর্তনৰ স্বার্থতেই হাজাৰ হাজাৰ লোক ওলাই আহিছে৷ সেয়ে বিটিআৰ গোর্খা সমাজেও এখন উন্নয়নমুখী চৰকাৰৰ স্বার্থতেই ইউপিপিএলক সমর্থন কৰিছোঁ৷ ইপিনে, ত্রিপুৰাৰ বিধায়ক বিশ্বদেৱ বার্মাই প্রমোদ বডোৰ নেতৃত্বত ইউপিপিএল দলক সমর্থন কৰি ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায়৷ ইউপিপিএল দলেহে বিটিআৰত উন্নয়নৰ নতুন দিগন্ত আনিব পাৰিব বুলি তেওঁ লগতে উল্লেখ কৰে৷ আজিৰ এই ৰাজহুৱা সভাত এ এছ এছ ইউ, বিটিআৰ গোর্খা সমাজ, এ এ এছ কে এছ ইউ, সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচন, এ আৰ এছ ইউ, এছ চি এছ ইউ, এ বি টি আৰ এ জে টি, এ অ’ ৱাই চি পি, গোর্খা ছাত্র সন্থা, এ এইচ এছ ইউ আদিৰ কেন্দ্রীয় আৰু জিলা পর্যায়ৰ নেতৃবৃন্দ উপস্থিত আছিল৷

You might also like