নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মুখ্যমন্ত্রীৰ ক’ভিড–১৯ বিধৱা সাহায্য আঁচনি’: গোলাঘাটত স্বামীহাৰা ৩৫ মহিলাক সাহায্যৰ চেক ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  কেতিয়াবা যদি পুষ্পবৃষ্টি, কেতিয়াবা আকৌ চৰণ চুই সেৱা৷ কেতিয়াবা আকৌ বহু মাতৃয়ে সন্তান তুলি দিয়ে তেওঁৰ হাতত৷ সেইজন ব্যক্তিক এইবাৰ ভগৱানৰ অংশ আখ্যা৷ হয়, সেই ব্যক্তিজন হৈছে অসমৰ নৱনির্মিত চৰকাৰৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

ড্রাগ্ছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে জব্দকৃত ড্রাগ্ছৰ দাহন কার্যসূচী শুভাৰম্ভ কৰিবলৈ আজি গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আৰক্ষীৰ কর্তব্যনিষ্ঠা আৰু সাহসিকতাক আস্থাত ৰাখি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ গোলাঘাটত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিডত স্বামীহাৰা হোৱা ৩৫গৰাকী মহিলাক কালি প্রদান কৰে আঢ়ৈ লাখ টকাৰ এককালীন সাহায্য৷ আঢ়ৈ লাখ টকাৰ চেক প্রদান কৰোঁতে কেইবাগৰাকীও মহিলাই সাবটি ধৰিছিল মুখ্যমন্ত্রীগৰাকীক৷

মুখ্যমন্ত্রীগৰাকীয়েও দুর্ভগীয়া মহিলাসকলৰ হূদয়ৰ মর্মবেদনা উপলব্ধি কৰিছিল৷ যাৰ বাবে ক’ভিডত স্বামীহাৰা হোৱা অসমৰ মহিলাসকলক সকাহ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে এই আঁচনিৰ৷ গোলাঘাট জিলাৰ ভিন্ন প্রান্তৰ ৩৫গৰাকী দুর্ভগীয়া মহিলাই কালি লাভ কৰিলে আঢ়ৈ লাখকৈ টকাৰ চেক৷ চেক গ্রহণ কৰি চকুলোৰে বাট নেদেখা হোৱা কেইগৰাকীমান মহিলাৰ কথোপকথন– ‘অসমৰ এইজন মুখ্যমন্ত্রী ভগৱানৰ অংশ৷ ভগৱানে তেওঁক সদায় দৃষ্টি দিব৷ ভগৱানৰ অংশ নহ’লে সর্বস্তৰৰ সর্বমংগলৰ কথা ভাবি ইমান সোনকালে ব্যৱস্থা নল’লেহেঁতেন৷ তেওঁ যুগ যুগ ধৰি অসমৰ মুখ্যমন্ত্রী হৈ থাকক৷ তেতিয়া নতুন ৰূপত গতি লাভ কৰিব অসমে৷ বিপদৰ প্রকৃত বন্ধু অসমৰ এইজন মুখ্যমন্ত্রী৷’ এনেদৰেই ইগৰাকীয়ে সিগৰাকীক ব্যক্ত কৰিলে হূদয়ৰ নিভৃত কোণৰ পৰা নিগৰিত হোৱা বাক্য৷ ক’ভিড মহামাৰীয়ে অমানিশা নমাই অনা এইসকল দুর্ভগীয়া মহিলাই আঢ়ৈ লাখ টকাৰ বহু সপোন ৰচনা কৰিছে৷ কাৰোবাৰ সন্তানৰ উচ্চশিক্ষা গ্রহণ, কোনোবাগৰাকীৰ সন্তানৰ বিবাহ, কোনোবাগৰাকীয়ে এই ধনেৰে পৰিয়াল পোহপাল দিয়াৰ লক্ষ্য হূদয়ত স্থাপন কৰি লৈছে৷ মুখ্যমন্ত্রীৰ এই আঁচনিয়ে এইসকল দুর্ভগীয়া মহিলাক সকাহ দিয়াই নহয়, অতি সংকটকালত জীয়াই থকাৰ প্রেৰণাও দিলে৷ কাৰণ কাল ক’ৰোনাই ঘৰখনৰ মূল মানুহজনক কাঢ়ি নি পৰিয়ালসমূহক অন্ধকাৰ পৃথিৱীলৈ ঠেলি দিছিল৷ আৰু মুখ্যমন্ত্রী ড০ শর্মাই সেইসমূহ পৰিয়ালৰ মাজত পোহৰ বিলালে৷ পুনৰ জীৱন যুদ্ধৰ বাবে শক্তি লাভ কৰিলে এইসকল মহিলাই৷

You might also like