নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গেছ কোম্পানীৰ এম ডি গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধিঃ অধ্যক্ষ বলীন চেতিয়াৰ শুভেচ্ছা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ অসম চৰকাৰক সৰ্বাধিক ৰাজহ প্ৰদান কৰা গেছভিত্তিক উদ্যোগ প্ৰতিষ্ঠান অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীৰ কাৰ্যকাল পুনৰ এবছৰৰ বাবে সম্প্ৰসাৰণ কৰিছে অসম চৰকাৰে । তেখেতৰ পূৰ্বৰ তিনিবছৰীয়া কাৰ্যকাল যোৱা ২ ছেপ্তেম্বৰত অন্ত পৰিছিল। উল্লেখযোগ্য যে কেৱল উজনি অসমতে সীমাবদ্ধ নাথাকি ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰলৈ গেছ পাইপলাইন নেটৱৰ্কিং ব্যৱসায় দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটাই নিচেই কম সময়তে অসম গেচ কোম্পানীক এক অভূতপূৰ্ব সাফল্য প্ৰদান কৰাত বিশেষ অৰিহণা যোগাই আহিছে কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে। তেখেতে প্ৰথমবাৰ এম ডি দায়িত্বভাৰ লোৱাৰ পূৰ্বে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (পেট্ৰ’লিয়াম বিজনেছ)ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুৰব্বী তথা উপ-সভাপতি পদত অধিষ্ঠিত আছিল। নিজৰ কৰ্মক্ষেত্ৰখনত দক্ষতাৰ পৰিচয়ৰে কোম্পানীৰ এগৰাকী দায়িত্বশীল বিষয়া হিচাপে সুনাম অৰ্জন কৰা গকুলচন্দ্ৰ স্বৰ্গীয়াৰী ৰিলায়েন্সৰ ১৬ বছৰীয়া অভিজ্ঞতাৰ উপৰি আসাম অইলৰ মেনেজাৰ মাৰ্কেটিংত ৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট। শৈক্ষিক দিশত তেখেত গোৱালপাৰা সৈনিক স্কুলত উচ্চ আৰু উচ্চতৰ শিক্ষা সমাপ্ত কৰি গুজৰাটস্হিত সৌৰাষ্ট্ৰ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ পৰা প্ৰডাকচন বিভাগত ডিগ্ৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আবেৰডীন বিজনেছ স্কুলৰ পৰা অফ্শ্বৰ অইল মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। বৰ্তমান তেখেত অসম গেচ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ যৌথ উদ্যম প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰেগুলেটৰী ব’ৰ্ডৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ পদতো অধিষ্ঠিত। ইফালে পুনৰবাৰ অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে ব্যৱসায়িকভাৱে কোম্পানীটোৰ পুনৰ এঢাপ উত্তৰণত নব্য চিন্তাৰে আগবঢ়াৰ পৰিকল্পনা কৰিছে। বৰ্তমান কোম্পানীটোৰ ব্যৱসায়িক ধাৰাৰ বিবিধতা আনিব কাৰণে তেখেতে চি এন জি ষ্টেচন স্হাপন আৰু বিদ্যুৎ চালিত বাহনৰ ওপৰত গুৰুত্ব দি যুগৰ সৈতে খাপ খোৱাৰ এক ইতিবাচক পদক্ষেপ ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে। পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীৰ কাৰ্যকাল বৃদ্ধিত কোম্পানীৰ বিষয়া-কৰ্মীৰ লগতে অসম গেচ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতীয়া আৰু উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like