নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালী গাৰে ১৭ হাজাৰ ফুট উচ্চতাত বৰফৰ ওপৰত যোগ আইটিবিপিৰ জোৱানৰ

নিয়মীয়া বাৰ্তা, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে (ITBP) ১৭ হাজাৰ ফুট উচ্চতাত লাডাখত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। মঙলবাৰে পুৱা ৭ বজাত ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে যোগ ব্যায়াম কৰা দেখা গ’ল। জুন মাহত দেশৰ আন প্ৰান্তত গৰমৰ ঢৌৰ মাজতো লাডাখ এই মুহূৰ্তত ঠাণ্ডা। কিন্তু এনে ঠাণ্ডাৰ সময়তো খালী শৰীৰেৰে কেইবাজনো আইটিবিপিৰ জোৱানে যোগাসন কৰে।

খালী শৰীৰত বজ্ৰাসনত আই টি বি পিৰ জোৱান

আজি পুৱা সংবাদ সংস্থা এএনআইয়ে টুইট কৰি ভাৰত-তিব্বতৰ সীমান্তৰক্ষীৰ যোগাভ্যাসৰ ছবি প্ৰকাশ কৰে। ছিকিম আৰু উত্তৰাখণ্ডত এতিয়াও ঠাণ্ডা আছে। কিন্তু এনে পৰিস্থিতিটো আইবিটি জোৱানসকলক ৰাতিপুৱা বজ্ৰসনত দেখা গৈছিল। ধনুৰ আসনৰ পৰা ভুজঙ্গা আসনলৈকে আজিৰ বিশেষ দিনটোত তেওঁলোকে অংশগ্ৰহণ কৰা দেখা গৈছিল।

You might also like