নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ বন্ধুত্বপূর্ণ যুঁজ হ’লে লাভৱান হ’ব বিজেপি মিত্রজোঁটঃ কংগ্রেছ নেতা ছিদ্দিক আহমেদ

সাক্ষাৎগ্রহণ -উৎপল চক্রৱর্তী

কংগ্রেছৰ নেতৃত্বত সাতটা দল মিলি মহাজোঁট গঠন কৰিছে৷ এই মহাজোঁটক লৈ আপুনি কিমান আশাবাদী?
ঃ নির্বাচনত প্রার্থিত্ব সঠিকভাৱে দিলে এইবাৰ মহাজোঁটে চৰকাৰ গঠন কৰিব৷ যোৱাবাৰ বিধানসভা নির্বাচনত কংগ্রেছ দল ২৬টা সমষ্টিত জয়ী হৈছে৷ এআইইউডিএফ দল ১৩টা সমষ্টিত জয়ী হৈছে৷ দুয়োটা দল মিলাই জয়ী হোৱা আসনৰ সংখ্যা ৩৯৷ এআইইউডিএফ আৰু বাঁওপন্থী দলে কৰা ভোট বিভাজনৰ বাবে আমি ৩০টা সমষ্টিত পৰাজিত হওঁ৷ এই সমীকৰণ অনুসৰি এইবাৰ মহাজোঁটৰে চৰকাৰ হ’ব৷ তদুপৰি বর্তমান ১২টা সমষ্টি দখলত থকা বিপিএফো মহাজোঁটলৈ আহিছে৷ এইবাৰ নির্বাচনত তেওঁলোকে কমেও ৮–৯টা সমষ্টি লাভ কৰিব৷ সেয়ে কৈছোঁ, মহাজোঁটে সঠিকভাৱে প্রার্থিত্ব প্রদান কৰিলে মহাজোঁটৰ চৰকাৰ হ’ব৷ অৱশ্যে বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু মহাজোঁটৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হ’ব৷

 ২০০১ চনৰ পৰা কংগ্রেছ সুদীর্ঘ ১৫ বছৰ ৰাজ্যৰ শাসনত আছিল৷ মাত্র ৫ বছৰ ক্ষমতাৰ বাহিৰত থকাৰ পিছতেই কংগ্রেছ দলে এককভাৱে বিজেপিৰ বিৰুদ্ধে নির্বাচনত অৱতীর্ণ হ’ব নোৱাৰাৰ কাৰণ কি, যাৰ বাবে মহাজোঁট গঠন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল?
ঃ প্রথম কথা হ’ল, কংগ্রেছ দল এতিয়া আর্থিকভাৱে দুর্বল৷ বিমুদ্রাকৰণে দলক যথেষ্ট দুর্বল কৰিলে৷ ইয়াৰ বিপৰীতে বিজেপি দল আর্থিকভাৱে শক্তিশালী হ’ল৷ তদুপৰি বিজেপি এতিয়া ক্ষমতাত আছে৷ ক্ষমতাত থকা দল সদায় শক্তিশালী হৈ থাকে, যিদৰে এসময়ত কংগ্রেছো আছিল৷ ইয়াতকৈ ডাঙৰ কথাটো হ’ল, বিজেপি দলেও অকলে নির্বাচনত অৱতীর্ণ হোৱা নাই৷ তেওঁলোকেও অগপ, গণশক্তি, ইউপিপিএল আদিৰ সৈতে মিত্রতা কৰিছে৷ বিজেপিয়েও অকলে কংগ্রেছৰ বিৰুদ্ধে যুঁজত অৱতীর্ণ হৈ ক্ষমতা দখল কৰা নাই৷ সেয়ে বিজেপি মিত্রজোঁটৰ বিৰুদ্ধে কংগ্রেছে মহাজোঁট গঠন কৰি নির্বাচনত অৱতীর্ণ হৈছে৷

বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মিত্রজোঁটৰ চৰকাৰখনে যোৱা পাঁচটা বছৰত বিভিন্ন উন্নয়নমূলক কামৰ লগতে বিভিন্ন আঁচনিৰে সমাজৰ সকলো শ্রেণীৰ বৃহৎসংখ্যক লোকক হিতাধিকাৰী হিচাপে সামৰি লৈছে৷ এনে অৱস্থাত অকল ‘কা’ৰ বিৰোধিতা আৰু বিজেপিৰ বিৰুদ্ধাচৰণ কৰিয়েই আপোনালোক নির্বাচনত ফলৱতী হ’ব বুলি ভাবেনে?
ঃ অকল হিতাধিকাৰী সৃষ্টি কৰিয়েই কোনোবা নির্বাচনত জয়ী হ’ব বুলি নাভাবোঁ৷ যোৱাবাৰ আমিও যথেষ্ট হিতাধিকাৰী সৃষ্টি কৰিছিলোঁ৷ কিন্তু নির্বাচনত দেখা গ’ল– হিতাধিকাৰীৰ সুবিধা নোপোৱা লোকসকল আমাৰ বিৰুদ্ধে গ’ল৷ যোৱাবাৰৰ বিধানসভা নির্বাচনত হিতাধিকাৰীৰ আঁচনিৰ বিষয়টো ডাঙৰ নির্বাচনী ইছ্যু হৈ পৰে৷ সেয়ে মই নাভাবোঁ, ব্যক্তিগত লাভালাভৰ হিতাধিকাৰী আঁচনিৰে বিজেপিয়ে জয়লাভ কৰিব৷

 ‘কা’ৰ বিৰোধিতা কৰা অজাপ আৰু ৰাইজৰ দল এতিয়াও মহাজোঁটলৈ অহা নাই৷ বৰং তেওঁলোকে মহাজোঁটৰ অংশীদাৰ নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ এনে অৱস্থাত তেওঁলোকে ভোটৰ ক্ষেত্রত মহাজোঁটকে ক্ষতি কৰিব বুলি নাভাবেনে?
ঃ মহাজোঁটৰ মুঠেও ক্ষতি নহয়৷ ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি গঠন হোৱা অজাপ আৰু ৰাইজৰ দলৰ য’ত গণভিত্তি আছে, তাত কংগ্রেছৰ স্থিতি সবল নহয়৷ বৰং তেওঁলোকৰ উপস্থিতিয়ে বিজেপিৰ ভোটহে ক্ষতিগ্রস্ত কৰিব৷ তাৰ ফলত কংগ্রেছ মহাজোঁটহে লাভান্বিত হ’ব৷

মহাজোঁটৰ আসন বুজাপৰা, বিশেষকৈ কংগ্রেছ–এআইইউডিএফৰ্ আসন বুজাপৰাৰ ক্ষেত্রত যথেষ্ট জটিলতা উদ্ভৱ হোৱা দেখা গৈছে৷ বিশেষকৈ বর্তমান কংগ্রেছৰ দখলত থকা বহু সমষ্টি এআইইউডিএফে আৰু এআইইউডিএফৰ দখলত থকা কিছু সমষ্টি কংগ্রেছে বিচৰাক লৈ আসন বুজাবুজিৰ বিষয়টো জটিল হৈ পৰিছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ কথাটো সঁচা৷ কাৰণ, কংগ্রেছ আৰু এআইইউডিএফৰ ভোটাৰ যিহেতু একেখিনিয়েই, সেয়ে কিছু কিছু আসনত দল দুটাৰ মাজত ভিতৰুৱাকৈ দ্বন্দ্ব চলি আছে৷ এই ক্ষেত্রত দুয়োটা দলে সঠিক সিদ্ধান্ত নল’লে মহাজোঁটৰ ক্ষতি হ’ব৷ সেয়ে দুয়োটা দলে কোনটো সমষ্টিত কোনগৰাকী প্রার্থীৰ বিজয়ৰ সম্ভাৱনা অধিক, তেওঁকহে মহাজোঁটৰ টিকট দিলে ভাল হ’ব৷ ইয়াৰ বাবে মহাজোঁটে কিন্তু ছার্ভে কৰা উচিত৷ তেতিয়াহে মহাজোঁট লাভান্বিত হ’ব৷

 আপোনাৰ কৰিমগঞ্জ দক্ষিণ সমষ্টিটো বর্তমান এআইইউডিএফৰ দখলত আছে৷ এনে অৱস্থাত আপুনি এইবাৰ সমষ্টিটোত প্রার্থিত্ব লাভ কৰাক লৈ কিমান আশাবাদী?
ঃ মই আগৰে পৰাই আশাবাদী৷ এআইইউডিএফৰে মিত্রতাৰ প্রথমখন বৈঠকতে কৰিমগঞ্জ দক্ষিণ সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ তৰুণ গগৈ জীয়াই থকা অৱস্থাতে সেই সিদ্ধান্ত হৈছিল৷ কৰিমগঞ্জ দক্ষিণকে ধৰি ৩–৪টা সমষ্টিত ছিটিং গেটিং ফর্মূলা প্রযোজ্য নহয়৷ সেইদৰে কিছু আসনত দুয়ো দলৰ মাজত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হোৱাৰো সম্ভাৱনা আছে৷ অৱশ্যে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হোৱা সমষ্টিত ঠাইবিশেষে বিজেপি মিত্রজোঁটৰ প্রার্থী উপকৃত হৈ ওলাই যোৱাৰ সম্ভাৱনাও উলাই কৰিব নোৱাৰি৷ বিজেপি মিত্রজোঁটৰ প্রার্থী নথকা সমষ্টিতহে কংগ্রেছ–এআইইউডিএফে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰাটোহে সমীচীন হ’ব বুলি আমি ব্যক্তিগতভাৱে ভাবোঁ৷ অৱশ্যে এই ক্ষেত্রত মহাজোঁটৰ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷

কংগ্রেছৰ বিশেষকৈ সংখ্যালঘু সম্প্রদায়ৰ বহু প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্ এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ বর্তমানৰ ৰাজ্যৰ বিজেপি চৰকাৰখনক উৎখাত কৰি কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠনৰ স্বার্থতে মই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰা নাই৷ মুঠতে দিছপুৰত আমাৰ চৰকাৰ হ’ব লাগে৷ তাৰ বাবে বিজেপিবিৰোধী সকলো ভোট একত্রিত কৰিব লাগিব৷ মই অংকতেই এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাকে ধৰি মহাজোঁটক সমর্থন কৰি আহিছোঁ৷ এতিয়াও মহাজোঁটৰ পৰা আঁতৰত থকা ৰাইজৰ দল, অসম জাতীয় পৰিষদকো মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাওঁ৷

এআইইউডিএফৰে কৰা মিত্রতাৰ বাবে উজনি অসমত কংগ্রেছ ক্ষতিগ্রস্ত হ’ব বুলি বিভিন্ন মহলে কৈ আহিছে৷ এই বিষয়ত আপোনাৰ দৃষ্টিভংগী কেনেধৰণৰ?
ঃ উজনি অসমত লাভো নহয়, লোকচানো নহয়৷ উজনি অসমত এনেও আসনৰ সংখ্যা নাবাঢ়ে৷ কিন্তু নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাত কংগ্রেছ যথেষ্ট লাভান্বিত হ’ব৷

বৰাক উপত্যকাৰ ১৫টা সমষ্টিৰ ভিতৰত মহাজোঁটে কিমানখন আসনত জয়লাভ কৰিব বুলি আশা কৰিছে?
ঃ প্রার্থিত্ব সঠিকভাৱে দিলে বৰাক উপত্যকাৰ ১৫টা সমষ্টিৰ ভিতৰত মহাজোঁটে ১২টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হ’ব৷

শেহতীয়াকৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল মহাজোঁটৰ অংশীদাৰ হৈছে৷ ইয়াৰ ফলত মহাজোঁট প্রকৃতার্থত উপকৃত হ’ব বুলি ভাবেনে?
ঃ হাগ্রামা মহিলাৰীৰ বিপিএফ দল মহাজোঁটৰ অংশীদাৰ হোৱাত দলৰ স্থিতি যথেষ্ট মজবুত হ’ল৷ কাৰণ বিটিএডিৰ বাহিৰত জনজাতিসকলৰ মাজত হাগ্রামা মহিলাৰী যথেষ্ট জনপ্রিয়৷ ইয়াৰ বিপৰীতে বিটিএডিৰ বাহিৰত ইউপিপিএলৰ জনপ্রিয়তা নাই৷ সেয়ে মই ভাবোঁ– বিপিএফ দল মহাজোঁটলৈ অহাৰ পিছত বিটিএডিৰ বাহিৰৰ জনজাতীয় ভোটৰ এক বুজনসংখ্যক ভোট এইবাৰ মহাজোঁটে লাভ কৰিবলৈ সমর্থ হ’ব৷

মহাজোঁটৰ চৰকাৰ ক্ষমতালৈ আহিলে মুখ্যমন্ত্রী কোন হ’ব?
ঃ নির্বাচনী ফলাফলৰ পিছত মহাজোঁটৰ অংশীদাৰ প্রতিটো দলৰ নেতৃত্ব আৰু নির্বাচিত জনপ্রতিনিধিসকলে মিলি গণতান্ত্রিক পদ্ধতিৰে মুখ্যমন্ত্রীৰ প্রার্থী নির্বাচন কৰিব৷

You might also like