নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাতো পালন আৰক্ষী দিৱস

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ আজি ৭০ সংখ্যক অসম আৰক্ষী দিৱস৷ অসম আৰক্ষী বিভাগত আৰক্ষী দিৱস পালন কৰাৰ সমান্তৰালভাৱে কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী থানাতো ক’ৰোনা মহামাৰী চলি থকাৰ সময়ত সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ পালন কৰে।

বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এলবাৰ্ট এল ৰিছেটেৰ পৰিচালনাত অন্য বিষয়াসকলৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহযোগত পতাকা উত্তোলনৰ লগতে সমজুৱাকৈ অসম আৰক্ষীৰ শপতবাক্য পাঠ কৰে। উপস্থিতসকলক চাহ-মিঠাইৰে আপ্য়ায়ন কৰাৰ লগতে পথচাৰীৰ মাজত চকলেট আদি বিতৰণ কৰে।

You might also like