নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিজাৰ্ভ বেংকৰ দ্বিতীয় অনুসূচীৰ পৰা বাদ পৰিল ৬ বেংক

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধিনয়মৰ দ্বিতীয় অনুসূচীৰ পৰা নাম কৰ্তন কৰিলে ছয় বেংকৰ। ৰিজাৰ্ভ বেংকে অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ, এলাহাবাদ বেংক, ছিণ্ডিকেট বেংক, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অন্ধ্ৰ বেংক আৰু কৰ্পোৰেচন বেংকৰ নাম কৰ্তন কৰে।

এই বেংকসমূহক ইতিমধ্যে আন বেংকৰ আওতালৈ অনা হৈছে। সেইমতে অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পঞ্জাৱ নেচনেল বেংকৰ, ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ, অন্ধ্ৰ বেংক আৰু কৰ্পোৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ লগত একীভূত কৰা হৈছে।

একীভূত হোৱাৰ পিছত এতিয়া দেশত ৭টা ডাঙৰ আৰু ৫টা ক্ষুদ্ৰ বেংক চৰকাৰী বেংক হিচাপে ৰ’ল। ২০১৭ চনত ভাৰতত ২৭টা চৰকাৰী বেংক থকাৰ বিপৰীতে সম্প্ৰতি ১২টা চৰকাৰী বেংকলৈ হ্ৰাস পালে।

উল্লেখ্য, ৰিজাৰ্ভ বেংকৰ অধীনত থকা দ্বিতীয় অনুসূচীৰ বেংকসমূহ অনুসূচিত বাণিজ্যিক বেংক ৰূপে পৰিচিত।

You might also like