নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগত চাকৰি নামত প্ৰৱঞ্চনা; ১৬৪গৰাকী চাকৰি প্ৰাৰ্থীৰ পৰা উৎকোচ সংগ্ৰহ

 

নিয়মীয়া বাৰ্তা,১২ মাৰ্চ – কাৰ্বি আংলং জিলাত চাকৰি দিয়াৰ নামত বন বিভাগত চলিছে দুৰ্নীতিৰ বজাৰ । শেহতীয়াকৈ এই ভয়ংকৰ তথ্য ফাদিল কৰিছে চাকৰিৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থীয়ে । যি সময়ত চৰকাৰে দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে শূন্য সহনশীলতা দেখুৱাইছে, তেনে সময়ত কাৰ্বি আংলঙত অনুৰূপ কাণ্ড সংঘটিত হৈছে । উল্লেখযোগ্য যে চাকৰিৰ পৰা বঞ্চিত হোৱা একাংশ প্ৰাৰ্থীয়ে শনিবাৰে ডিফুত অনুষ্ঠিত কৰা এক সংবাদ মেল যোগে এই ভয়ংকৰ তথ্য সদৰি কৰিছে । অভিযোগ অনুসৰি বন বিভাগৰ তৃতীয়, চতুৰ্থ আৰু বনৰক্ষী পদত নিযুক্তি দিয়াৰ নামত ১৬৪ গৰাকী প্ৰাৰ্থীৰ পৰা বিভাগটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এলড্ৰীণ পাটৰ আৰু বনৰক্ষী সাধনা তিমুংপীয়ে এক লাখৰ পৰা সাত লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল । উল্লেখযোগ্য যে ২০১৯ চনতে চাকৰি দিয়াৰ নামত দুই ঘোচখোৰ কৰ্মচাৰীয়ে চাকৰি প্ৰাৰ্থীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল । অৱশ্যে চতুৰ দুই কৰ্মচাৰীয়ে ২০২১ চনত প্ৰাৰ্থীৰ হাতত তুলি দিছিল অবৈধ নিযুক্তি পত্ৰ। ইপিনে কোনোধৰণৰ লিখিত বা মৌখিক পৰীক্ষা নোহোৱাকৈয়ে ধনৰ বিনিময়ত এনেদৰে নিযুক্তি পত্ৰ যোগান ধৰাৰ কৰ্তৃত্ব দুই কৰ্মচাৰীক কোনে প্ৰদান কৰিলে, সেইয়া লক্ষণীয় হৈ পৰিছে । প্ৰণিধানযোগ্য যে যি সময়ত চাকৰি দিয়াৰ নামত দুৰ্নীতিৰ পোহাৰ মেলা হৈছিল, সেই সময়ত কাৰ্বি আংলং বন বিভাগৰ মুখ্য বন সংৰক্ষক হিচাপে আছিল ভাৰতীয় বন সেৱাৰ বিষয়া অভিজিৎ ৰাভা।
প্ৰেৰক – হেমন্ত কুমাৰ নাথ,১২/০৩/২৩

You might also like