খৈৰাবাৰীত অসম যোগ উত্তৰণ সংস্থাৰ অধিৱেশন আৰম্ভ
অসম যোগ উত্তৰণ সংস্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজিৰ পৰা ওদালগুৰি জিলাৰ খৈৰাবাৰীত আৰম্ভ হৈছে । দৰং আৰু ওদালগুৰি জিলাৰ যৌথ উদ্যোগত খৈৰাবাৰীৰ মহিৰংগ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ৰাজ্যিক অধিৱেশন।
এই উপলক্ষে আজি পুৱাৰ ভাগত পতাকা উত্তোলন, মংগলাচৰণ, স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ইয়াৰ পিছতে স্বাস্থ্য শিবিৰ উদ্বোধন কৰে খৈৰাবাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা° অজিত দৈমাৰীয়ে । বিনামূলীয়া এই চিকিৎসা শিবিৰত ডা° ৰোহিনী গোস্বামী, ডা° মাইনু নাৰ্জাৰী, ডা° মুকুট আলী, মঞ্জুলা নেহাৰ, ডা° ধীৰাজ কলিতাকে ধৰি কেইবাগৰাকীও চিকিৎসকে আগবঢ়ায় চিকিৎসা সেৱা।
উল্লেখ্য যে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ-পাতিও যোগান ধৰা হয় । কাইলৈ পুৱাৰ ভাগত হ’ব লগীয়া সমুহীয়া যোগ অনুশীলনত যোগ নিৰ্দেশক হিচাপে অংশ ল’ব দিগন্ত শৰ্মা আৰু অৰূপ ডেকাই।
ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে মুকলি কৰিব বন্তি প্ৰজ্বলন কাৰ্যসূচী । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব ধ্ৰুৱজ্যোতি বড়োৱে। মঙলদৈৰ বিশিষ্ট নাগৰিক কুশল কলিতাৰ সভাপতিত্বত ১১ বজাৰ পৰা হ’ব লগীয়া মুকলি সভা উদ্বোধন কৰিব যোগাচাৰ্য শুভাশীষ কৰে।
সভাত অধ্যাপক শান্তনু ৰয় চৌধুৰী, আয়ুস অসমৰ সঞ্চালিকা ইন্দ্ৰানোশী দাস, অসম আয়ুৰ্বেদ কলেজৰ অধ্যক্ষা ডা° কণিকা গোস্বামী, অধ্যাপিকা ড° ৰূপাৰাণী ভূঞা, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ সমন্বিতে ভালেগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ২৫ অক্টোবৰ