বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড নলবাৰী জিলা বজৰং দলৰ
বীৰ লাচিত সেনাৰ পাপু অসমে বজৰং দলৰ সদস্য নয়ন তালুকদাৰক ফোনত ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছে
নলবাৰীত উত্তপ্ত পৰিস্থিতি। বজৰং দলৰ নলবাৰী জিলা সমিতিয়ে এল এন বি ৰোডত অৱস্থিত বীৰ লাচিত সেনাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ বেনাৰ ফালি পেলোৱাৰ লগতে ভিতৰৰ পোষ্টাৰ-বেনাৰসমূহো লণ্ডভণ্ড কৰে। ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে।
সূত্র অনুসৰি, বীৰ লাচিত সেনাৰ পাপু অসমে বজৰং দলৰ সদস্য নয়ন তালুকদাৰক ফোনত ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ উঠিছে। এই ঘটনাক কেন্দ্র কৰি দুয়ো সংগঠনৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হৈছে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। লগতে তদন্ত অব্যাহত আছে।
উল্লেখ্য যে কালি পুৱাৰ ভাগত বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডত অতিষ্ঠ হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পিছতে আবেলিৰ ভাগলৈ বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আৰক্ষীয়ে সংবাদ মেল সম্বোধন কৰা অৱস্থাত দুই সতীৰ্থসহ আটক কৰিছিল। আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয়। ইফালে বীৰ লাচিত সেনাৰ কামৰূপৰ মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশে অসমে দুয়োটা ফোন অফ কৰি পলাতক অৱস্থাত আছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ ক্ষেত্ৰত আলফাৰ পৰ্যায়ত নিষিদ্ধ ঘোষণাৰ দৰে সিদ্ধান্ত লব বুলি চিন্তা-চৰ্চা কৰা বুলি কালি ঘোষণা কৰিছিল।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ