নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰৰ নতুন নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ দেশত পুনৰ বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাৰ সংক্ৰমণ। ৰাজধানী দিল্লীত ক’ভিড ১৯ৰ নতুন নিয়ম। সংক্ৰমণ বৃদ্ধি পোৱা দেশৰ ৫ খনকৈ ৰাজ্যৰ পৰা অহা লোকে প্ৰদৰ্শন কৰিব লাগিব ৭২ ঘণ্টাৰ ভিতৰত কৰোঁৱা RTPCR টেষ্টৰ নিগেটিভ ফলাফল। এই ৫ ৰাজ্য ক্ৰমে- মহাৰাষ্ট্ৰ, কেৰেলা, পাঞ্জাৱ, মধ্যপ্ৰদেশ আৰু ছত্তিছগড়ৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হৈছে এই নিয়ম।

উল্লেখ্য যে বিমান, ৰেল অথবা অন্য বাহনেৰে দিল্লীত প্ৰৱেশ কৰা সকলো লোকৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম। ২৬ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা ১৫ মাৰ্চলৈ প্ৰযোজ্য কৰা হৈছে এই নিয়ম।

You might also like