নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত বঁটাপ্ৰাপ্ত শিক্ষক গুলজাৰ হুছেইনক উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: বিলাসীপাৰাৰ প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় ৰোকাখাতা উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত শিক্ষক গুলজাৰ হুছেইনলৈ ২০২২ চনৰ “বৰ্ষশ্ৰেষ্ঠ ব্যক্তি”ৰ বটা প্ৰদান কৰা হৈছে। ‘বৰলুইত ফাউণ্ডেচন’ৰ ভাতৃ সংগঠন “নৱজাগৰণ অসমে” এই বটাৰ বাবে আলহাজ গুলজাৰ হুছেইন খন্দকাৰক বাছনি কৰাত বিলাসীপাৰাবাসী উৎফুল্লিত হৈ পৰিছে। এজন বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী, ধৰ্মপ্ৰাণ তথা বটাঁপ্ৰাপ্ত গুলজাৰ হুছেইন সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে কালি সন্ধিয়া স্থানীয় আম্বেদকাৰ ভৱনত এক মনোজ্ঞ সভা অনুষ্ঠিত হয়। উদীয়মান যুবক আৰু শিক্ষিত সমাজে আয়োজন কৰা চৰকাৰী পেঞ্চনপ্ৰাপ্ত সাংবাদিক মোছলেম উদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত সভাত কেইবাজনো বিশিষ্ট বক্তাই মনোজ্ঞ আলোচনা আগবঢ়ায়। সভাত বিলাসীপাৰাৰ নৱ নিযুক্ত মহকুমাধিপতি মনোৰঞ্জন পায়েঙে নিজ ভাষণত অৱসৰপ্ৰাপ্ত শিক্ষক জনক এই বটাঁ প্ৰদান কৰাত সন্তুষ্টি প্ৰকাশ কৰে। মহকুমাধিপতিজনে এখন সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ ক্ষেত্ৰত যগোৱা অৰিহনাৰ ভূয়সী প্ৰশংসা কৰে। বটাঁপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক জনে নিজ ভাষণত বিশেষকৈ নৱপ্ৰজন্মক সাম্প্ৰদায়িকতা বাদ, যৌতুক প্ৰথা আদি সমাজৰ পৰা নিৰ্মূল কৰি প্ৰতিটো জাতি জনগোষ্ঠী ৰ মাজত ভাতৃত্ববোধ গঢ় তোলাৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে সংগঠনটোৱে আগবঢ়োৱা বটাঁ, মানপত্ৰ সভাখনতে গুলজাৰ হুছেনক আনুষ্ঠানিক ভাবে প্ৰদান কৰে। ইয়াৰ পাছতে আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ হৈ ডাঃ কানু লাল দাস, আয়োজক সমিতি, আছুকে ধৰি কেবাটাও সংগঠনে বটাঁপ্ৰাপ্ত গুলজাৰ হুছেইনক উষ্ম সম্বোৰ্ধনা জ্ঞাপন কৰে। অঞ্চলটোৰ শিক্ষাবিদ, বিশিষ্ট ব্যবসায়ী, শিক্ষাৰ্থী সকল অংশ গ্রহণ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like