নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰাৰ কৃষকৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰাৰ খেতিপথাৰ এতিয়া ৰঞ্জিত হৈ উঠিছে হালধীয়া বৰণেৰে। অঞ্চলটোৰ দূৰ-দূৰান্তলৈ চালে চকুলৈ আহে কেৱল হালধীয়া ৰং। এহেজাৰতকৈ অধিক বিঘা মাটিত সৰিয়হ খেতি কৰি সোণোৱালী সপোন ৰচিছে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী সেই অঞ্চলটোৰ বহু কৃষজীৱি ৰাইজ। প্ৰতি বছৰে এইদৰে শীত আহিলেই সৰিয়হৰ খেতি কৰি আহিছে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সেই অঞ্চলৰ বহু কৃষক ৰাইজে। এই সৰিয়হ খেতিৰ পৰা পোৱা সৰিয়হ গুটি বিক্ৰী কৰিয়েই বংশানুক্ৰমে নিজৰ নিজৰ পৰিয়ালক পোহপাল দি আহিছে এওঁলোকে। এইদৰে নিজৰ উপৰিও অইন বহুতোৰো পৰোক্ষ ভাৱে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে এই সকলে। পিছে এই ইতিবাচক বাতৰিৰ মাজতো আছে এক বিশেষ আক্ষেপ এওঁলোকৰ – বজাৰত উচিত মূল্য নোপোৱাৰ। ইনতাদুল হ’ককে ধৰি অঞ্চলটোৰ অইন বহু সৰিয়হ খেতিয়কৰ আক্ষেপ এয়াও যে, তেওঁলোকৰ পৰা হাজাৰ হাজাৰ কুইন্টল সৰিয়হ বজাৰৰ পৰা ক্ৰয় কৰি মধ্যভোগীয়ে লৈ গৈ আছে বহিঃৰাজ্যৰ বিভিন্ন মিঠাতেলৰ কলঘৰলৈ আৰু সেই সৰিয়হ গুটিৰ পৰা উৎপাদিত মিঠাতেল আহি আছে ইয়ালৈ; বিক্ৰী হৈ আছে উচ্চ দৰত। সেয়েই আশা তেওঁলোকৰ; চৰকাৰে বৃহত্তৰ এই অঞ্চলত মিঠাতেলৰ কলঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা ল’লে পোনে পোনে সেই কলঘৰত বিক্ৰি কৰি পাব সৰিয়হ গুটিৰ উচিত মুল্য। আনকি তেতিয়া মিঠাতেল বৰ্তমানতকৈ অধিক সুলভ মূল্যত পোৱা যাব বুলিও মত তেওঁলোকৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like