নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জি-২০ সন্মিলন সন্দৰ্ভত সজাগতা কাৰ্যসূচী 

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হব লগা জি ২০ সন্মিলন উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে Y-২০ সন্মিলনীৰ সজাগতা সন্দৰ্ভত আয়োজন কৰা অনুষ্ঠানৰ আজি দ্বিতীয় দিনা এখন কৰ্মশালা অনুষ্ঠিত হয়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মনোজ কুমাৰ দাস আৰু শৈক্ষিক পঞ্জীয়িক ড° সুভাষ চন্দ্ৰ দাসে আজিৰ এই অনুষ্ঠানটোৰ আৰম্ভণি কৰি দুয়োগৰাকীয়ে ব্যক্তিয়ে আৰম্ভণিতে G-20 বিষয়ৰ ওপৰত চমুকৈ বক্তব্য ৰাখে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা Y-20 ৰ নোডেল টিচাৰ ড° ৰাজীৱ লোচন শৰ্মাই উদ্দেশ্য বাখ্যা কৰা কৰ্মশালাখনত “Role of Health, Wellbeing and Sports in development of Youth” শীৰ্ষক বিষয়ৰ ওপৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শাৰীৰিক প্ৰশিক্ষক ভাৰ্গব দেৱ চৌধুৰী (Level-A Coach, NCA, BCC )৷ অনুষ্ঠানটোত দেৱ চৌধুৰীয়ে স্বাস্থ্য সম্বন্ধীয় বিভিন্ন কথাৰ অৱতাৰণা কৰি উশাহ লোৱাৰ বিভিন্ন কৌশল ছাত্ৰ – ছাত্ৰীক শিকায় আৰু ছাত্ৰ- ছাত্ৰীক কৰ্মশালা খনতেই বিভিন্ন ধৰণৰ শাৰীৰিক অনুশীলন কৰিবলৈ দিয়ে৷ অনুষ্ঠানটোৰ শেষত কৰ্মশালাখনৰ বিষয়বস্তৰ ওপৰত এখন লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উল্লেখ্য যে চলিত বৰ্ষত নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হব লগা জি ২০ শীৰ্ষক সন্মিলন উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালিৰ পৰা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ জি২০ শীৰ্ষক সন্মিলনৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ কালি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা এটা চাইকেল ৰেলীৰ আয়োজন কৰা হয়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাস আৰু বজালী মহকুমা প্ৰশাসনৰ জেষ্ঠ প্ৰশাসনিক বিষয়া তথা প্ৰাক্তন উপায়ুক্ত কাবেৰী বি শৰ্মাই শুভ উদ্বোধন কৰা চাইকেল ৰেলীটোৱে সমগ্ৰ বজালী অঞ্চলকে সামৰি লয়৷ এই ৰেলীৰ জৰিয়তে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকো জি ২০ৰ বিষয়ে সজাগ কৰিবলৈ এখন সভাৰ আয়োজন কৰা হয়৷ সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভাৰপ্ৰাপ্ত ছাত্ৰ কল্যাণ সঞ্চালক ড° পৰাগ বৰ্মনে ছাত্ৰ-ছাত্ৰীক G20 -Y-20ৰ উদ্দেশ্য, কাৰ্যাৱলী আৰু ভাৰতৰ ভূমিকাৰ বিষয়ে অৱগত কৰে৷ কাইলৈ “ভাৰত চৰকাৰৰ এখন জিলা এবিধ উৎপাদন নীতিয়ে গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈ হোৱা প্ৰব্ৰজন বিপৰীত মূখী হব” বিষয়ক এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে ২ ফেব্ৰুৱাৰীত শিক্ষাৰ্থীসকলৰ মাজত “Creation of entrepreneurial mindset among the youth will help to convert job seekers to self employed, entrepreneurs and job creators” শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হব। আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভ্ৰমণ ব্যৱস্থাপনা বিভাগৰ মূৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰ৷

প্ৰেৰক কল্যাণ কলিতা

You might also like