নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আটাছুৰ উদ্যোগত মে-ডাম মে-ফি উদযাপন

বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত আজি মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত দিনজোৰা কাৰ্য্যসূচীৰে মে ডাম মে ফি উদযাপন কৰা হয়। পুৱা চাৰিখনকৈ পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰা হয়। সেই অনুসৰি উদযাপন সমিতিৰ পতাকা উদযাপন সমিতিৰ সভাপতি অৰূপ চেতিয়াই, আটাছুৰ পতাকা আটাছু মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি ত্ৰিদ্বীপ গগৈয়ে, বিশ্ব তাই ভাতৃত্ববোধৰ পতাকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈয়ে আৰু তাই আহোম জাতীয় পতাকা উত্তোলন কৰে মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁ‌হায়ে উত্তোলন কৰে। মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ, সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই মৈদান তৰ্পন কৰাৰ অন্তত শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী মুকলি কৰে সমাজকৰ্মী হেমকান্ত বুঢ়াগোঁ‌হায়ে। ইয়াৰ পিছতে পৰম্পৰাগত বান-ফি অনুষ্ঠিত হয়। আনহাতে, দুপৰীয়া উদযাপন সমিতিৰ সভাপতি অৰূপ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুনিন কোঁ‌ৱৰে আহোমসকলৰ গৌৰৱময় ইতিহাসক সোঁ‌ৱৰি সাৱলীল বক্তব্য ডাঙি ধৰে। সভাত যোৰহাটৰ জয়া জুনিয়’ৰ কলেজৰ প্ৰৱক্তা ৰুনু নাম চোং কোঁ‌ৱৰে সকলো জাতি জনগোষ্ঠীৰ দৰে আহোমসকলেও মে ডাম মে ফিৰ জৰিয়তে তেওঁলোকৰ উপৰিপুৰুষক স্মৰণ কৰে বুলি মন্তব্য প্ৰকাশ কৰে। মুকলি সভাত মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাই, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱা, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শশাংক দিহিঙীয়া, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰ, বিশিষ্ট লেখক অজিত বিকাশ গোহাঁইবৰুৱা, কৃতী শিক্ষক নগেন গগৈ, জ্যেষ্ঠ সমাজকৰ্মী দ্বীপেন ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাংগাঠানিক সম্পাদক ৰঞ্জিত গগৈ আদিয়ে বক্তব্য প্ৰদান কৰে। দ্বীপেন দাসে আঁ‌ত ধৰা সভাখনত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, পৌৰ সদস্যা ৰঞ্জুশ্ৰী দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, বীৰ লাচিত সেনাৰ মৰিয়নিৰ সভাপতি পংকজ বুঢ়াগোঁ‌হাই, বাহনী চাহ বাগিচাৰ পৰিচালক মনোজ গোহাঁই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনন্ত বৰঠাকুৰ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। এই সভাতেই আস্থা গোহাঁইবৰুৱা আৰু মৌচুমী মজুমদাৰে নৃত্য পৰিবেশন কৰাৰ লগতে ৰীয়া গগৈয়ে গীত পৰিবেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like