নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি-২০ৰ অর্থ, ধাৰণা আৰু অসমৰ অর্থনীতি

ড০ খনিন্দ্র কুমাৰ বর্মন

অর্থনীতিৰ ভাৰসাম্য ৰক্ষা কৰাটো আজিৰ অর্থনীতিৰ মূল বিষয় হিচাপে ধৰা দিছে৷ অর্থনীতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে সম্পদৰ নাটনিৰ ক্ষেত্রত আমদানি–ৰপ্তানিৰ বিষয়টোৰ লগতে আন কেতবোৰ বিষয়ৰ ওপৰতো কিছু সহমত অৱলম্বনৰ আৱশ্যকতা নিতান্তই জৰুৰী বিষয় হিচাপে দেখা দিছে৷ একে সময়তে এখন দেশে সকলো সম্পদৰ ক্ষেত্রতে চহকী নিশ্চয় নহয়৷ কোনো এখন দেশ আন্তঃগাঁথনিৰ ক্ষেত্রত স্বাৱলম্বী হ’লে হয়তো খাদ্য উৎপাদনৰ ক্ষেত্রত অন্য দেশৰ ওপৰত নির্ভৰ কৰিবলগীয়া হয়৷ ভাৰবর্ষৰ দৰে উন্নয়নশীল দেশবোৰৰ বিস্ফোৰিত জনসংখ্যাৰ সমস্যাৰ বাবে দেশৰ নাগৰিকসকলেনিজ দেশত নিয়োজিত হ’বলৈ সমর্থ নহৈ অন্য দেশলৈ ঢ়াপলি মেলে৷ কিন্তু আন্তঃৰাষ্ট্রীয় নীতি–নিয়মৰ মেৰপেঁচত কর্মসংস্থানৰ দিহা কৰাত উজুটি খাবলগীয়া হয়৷ আনহাতে সম্পদ উৎপাদনৰ প্রতিযোগিতাত নিয়োজিত হৈ কিছু দেশে বিশ্বৰ পাৰিপার্শ্বিক অৱস্থাৰ বিষয়টোক গুৰুত্ব প্রদানত হেমাহি কৰাও দেখা যায়৷ ইয়াৰ সমান্তৰালকৈ চুবুৰীয়া দেশৰ সৈতে যুদ্ধ–বিগ্রহৰ সমস্যাসমূহে বছৰ বছৰ ধৰি বহু দেশৰ জনজীৱনৰ লগতে অর্থনীতিকো ক্ষতিগ্রস্ত কৰি তোলে৷ উন্নত বুলি পৰিচিত দেশৰ উমৈহতীয়া সংগঠিত সংস্থা যেনে–G7, G8ৰ দেশসমূহে নিজৰ মাজৰ অর্থনৈতিক বা আন বিষয়ৰ আদান–প্রদানৰ দিশত আলোচনাত মিলিত হয়৷ কিন্তু উন্নয়নশীল দেশসমূহৰ সমস্যা আৰু মানৱ সম্পদৰ উপযোগী ব্যৱহাৰ নতুবা জলবায়ু পৰিৱর্তনৰ দিশসমূহ সামৰি ল’ব পৰাকৈ সম্ভৱতঃ আলোচনা উপেক্ষিত হৈ ৰৈ যায়৷ এনেবোৰ দিশৰ বাবেই G7ৰ দেশবোৰে সামগ্রিক বিষয়ক সুচাৰুৰূপে সমাধানত সফল হ’ব পৰা নাই৷ এয়া ১৯৯৭–১৯৯৮ৰ সময়ত আন্তঃৰাষ্ট্রীয় পর্যায়ত দেশসমূহৰ মাজত সমন্বয় সাধনত উপযোগী পদক্ষেপ লোৱাৰ ক্ষেত্রত ব্যর্থতা পৰিলক্ষিত হৈছিল আৰু অর্থনৈতিক ভাৰসাম্যহীনতাই বিৰাজ কৰিছিল৷ সেইবাবেই উন্নত বুলি পৰিচিত আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে কিছু দেশে উন্নয়নশীল দেশবোৰকো সামৰি অর্থনৈতিক ভাৰসাম্যৰ বিষয়টোৰ ওপৰত জোৰ দি এক উমৈহতীয়া বৃহৎ গোটৰ প্রয়োজনীয়তাক উপলব্ধি কৰিছিল৷ সেইদেখি এই দেশসমূহ মিলিত হৈ ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখে G20ৰ ধাৰণাক বাস্তৱ ৰূপ দিলে৷ G20 মূলতঃ ১৯খন উন্নত আৰু উন্নয়নশীল দেশৰ সংগঠন৷ এই দেশসমূহৰ লগত ইউৰোপিয়ান সংস্থাই বিশ্ববেংক আৰু আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ সমন্বয় ৰক্ষকৰ ৰূপত সংযোজিত হৈ G20 গঠিত হৈছে৷ অৱশ্যে G20ৰ মূল লক্ষ্য ২০০৮ চনৰ পৰাহে কাৰিকৰী দিশত অগ্রসৰ হৈছে৷ প্রকৃততে দেশ এখনৰ বিত্তমন্ত্রী আৰু চৰকাৰৰ মূল বেংকৰ (Central Bank) গৱর্নৰসকলৰ প্রচেষ্টাতে G20ৰ অর্থনৈতিক দিশটোৰ বিচাৰ–বিশ্লেষণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ লয়৷ থোৰতে G20ত সদস্য হৈ থকা দেশসমূহ হ’ল– আর্জেণ্টিনা, অষ্ট্রেলিয়া, ব্রাজিল, কানাডা, চীন, ফ্রান্স, জার্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, ৰিপাব্লিক কোৰিয়া, মেক্সিকো, ৰাছিয়া, ছৌদি আৰব, তুর্কী, ইংলেণ্ড, সংযুক্ত আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়ন৷ অৱশ্যে স্পেইনকে ধৰি আন কিছু ৰাষ্ট্র আমন্ত্রিত সদস্য ৰূপে সভাসমূহত যোগদান কৰে৷ ২০০৮ চনৰ পাছৰে পৰা G20ৰ সদস্য দেশসমূহে নির্দিষ্ট এখন দেশক মূল হোতা অর্থাৎ সভাপতিত্বৰ দায়িত্ব অর্পণ কৰাৰ নিয়ম বলৱৎ কৰে৷ আনহাতে পূর্বৰ সভাপতিৰ দায়িত্বত থকা দেশখন, চলিত বর্ষৰ সভাপতিত্বৰ দায়িত্বৰ দেশখন আৰু পৰৱর্তী বছৰৰ সভাপতিৰ দায়িত্ব পোৱা দেশখন মিলি নীতি নির্ধাৰণ বা পন্থা হাতত ল’ব লাগে৷

প্রকৃততে G20ৰ সদস্য দেশসমূহৰ মূল লক্ষ্য কি বাৰু৷ ক’বলৈ গ’লে এই সস্থাৰ মূল লক্ষ্যই হৈছে সমিলমিলেৰে সম্যসা সমাধান কৰাৰ ক্ষেত্রত ঐকমত্যত অৱস্থান কৰা৷ এইক্ষেত্রত কেইটামান দিশৰ ওপৰত G20ৰ দেশসমূহে বিশেষ গুৰুত্ব প্রদান কৰিছে– গোলকীয় অর্থনৈতিক বৃদ্ধি, কর্মসংস্থানৰ ওপৰত গুৰুত্ব আৰোপ, দুর্নীতি ৰোধৰ বাবে ব্যৱস্থা গ্রহণ, আন্তঃগাঁথনি উন্নীতকৰণ, কৃষি ক্ষেত্রত বিনিয়োগ, জলবায়ু পৰিৱর্তনৰ দিশ সম্পর্কে গুৰুত্ব আৰোপ, অর্থনৈতিক কাম সম্পাদনৰ বাবে ডিজিটিয়েল ব্যৱস্থা প্রয়োগৰ ওপৰত অধিক গুৰুত্ব প্রদান ইত্যাদি৷

ভাৰতবর্ষই চলিত বর্ষৰ বাবে G20ৰ সভাপতিত্বৰ দায়িত্ব লৈছে৷ এয়া ভাৰতৰ দৰে দেশ এখনৰ বাবে নিশ্চিতভাৱে এক গধুৰ দায়িত্ব বহন কৰিবলগীয়া বিষয় বুলি গণ্য কৰা হৈছে৷ কিয়নো ভাৰতবর্ষ এখন উন্নয়নশীল দেশ, সমান্তৰালভাৱে আমাৰ দেশৰ অর্থনৈতিক ব্যৱস্থা এতিয়াও স্বনির্ভৰশীল হৈ উঠাহি নাই৷ তেনে ক্ষেত্রত অর্থনৈতিক নীতি নির্ধাৰণৰ ক্ষেত্রত দেশৰ জনতাক সন্তুষ্ট কৰা বিষয় বৰ সহজ নহ’ব৷ কিন্তু আমাৰ শ্রদ্ধাৰ প্রধানমন্ত্রীগৰাকী অর্থনৈতিক পৰিৱর্তনৰ ক্ষেত্রত কেতবোৰ জটিল সিদ্ধান্ত লোৱাৰ বেলিকা কিছু পৰিমাণে কঠোৰ বুলি পৰিচিত হৈছে৷ ২০১৬ চনত লোৱা দেশৰ বিমুদ্রাকৰণ নতুবা পৰিকল্পনা আয়োগৰ বিলুপ্তি সাধন কৰি নিটি আয়োগ আদি গঠন কৰা অনেক উদাহৰণ আছে৷ G20ৰ সভাপতিৰ দৰে গুৰুদায়িত্ব লোৱাৰ পাছতে ভাৰতে দেশৰ বিভিন্ন চহৰত মুঠ ২০০ সভা অনুষ্ঠিত কৰাৰ পণ লৈছে৷ ভাৰতবর্ষই এই বাবেই কিছু লক্ষ্য স্থিৰ কৰিছে৷ ভাৰতৰ মূল শ্লোগান হ’ল এক মাটি, এক পৰিয়াল এক ভৱিষ্যৎ–Vasudhaiva Kutumbakam- one earth one family one future অর্থাৎ আমি সদৌ ভাৰতবাসী একে পৰিয়াল আৰু ভাৰতবর্ষৰ ভৱিষ্যৎ আমাৰ ভৱিষ্যৎ৷ দেশৰ উন্নতিৰ ক্ষেত্রত একতাৰ প্রয়োজনীয়তাক সর্বপ্রথম স্থান দিয়া হৈছে৷ আৰু এইবাবেই বহুত পৰিমাণে এলাগী বুলি বিবেচিত হৈ অহা ভাৰতবর্ষৰ উত্তৰ–পূর্বাঞ্চলক বিশেষ গুৰুত্ব প্রদানৰ উদাহৰণ ৰাখি অসমৰ গুৱাহাটী আৰু ডিব্রুগডতG20ৰ প্রথম সভা অনুষ্ঠিত কৰাৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে৷G20ৰ অন্তর্গত অনুষ্ঠানত অসমৰ যুৱ প্রতিভাৰ বিকাশৰ কথা আগত ৰাখি Youth অর্থাৎ Y20ৰ মুঠ পাঁচখন সভাৰ গুৱাহাটীত চাৰিখন আৰু ডিব্রুগড চহৰত এখন সভা অনুষ্ঠিত হ’ব৷ নিশ্চিতভাৱে এটা কথা ক’ব লাগিব যে G20ৰ দৰে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রতিনিধিসমৃদ্ধ হ’বলগীয়া প্রথম পর্যায়ৰ সভা অনুষ্ঠিত কৰাৰ সুবিধা পোৱাৰ ক্ষেত্রত আমাৰ সন্মানীয় মুখ্যমন্ত্রীগৰাকীৰ কৃতিত্ব শলাগিবলগীয়া বিষয়৷ অসমৰ বিকাশৰ ক্ষেত্রত মুখ্যমন্ত্রীগৰাকীৰ আপোচহীনতাৰ নজিৰ পৰিলক্ষিত হৈছে৷ আৰু ভাৰতবর্ষৰ সন্মানীয় প্রধানমন্ত্রীগৰাকীয়ে অসমক দায়িত্ব দিয়া বিষয়টোৱে মুখ্যমন্ত্রীগৰাকীৰ ওপৰত ৰখা আস্থাই অসমৰ সর্বাংগীণ উন্নতিত সহায়ক হ’ব বুলি আশা কৰাৰ থল থাকিব৷

এতিয়া এটা কথা বিচার্যৰ বিষয় এই যে এনে আন্তঃৰাষ্ট্রীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবত অসমে কি কি সুফল লাভৰ আশা আছে৷ বিচাৰ–বিশ্লেষণৰ প্রাৰম্ভিক পর্যায়ত এটা কথা ভাবিব পাৰি যে আন্তঃৰাষ্ট্রীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অসমৰ নাম আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত চিনাকি পোৱাৰ এটা সুবিধা ওলাব আৰু ইয়ে ৰাজ্যখনৰ টুৰিজিম ব্যৱস্থাক এটা গতি দিয়াৰ আশা আছে৷ অৱশ্যে এটা কথা ঠিক যে আমি কেৱল মা কামাখ্যা মন্দিৰ আৰু কাজিৰঙাতে যাতে সীমাবদ্ধ হৈ থাকিব নালাগে, তাকো ভাবিব লাগে৷ অসমৰ সম্ভাৱনীয়তাৰ ক্ষেত্রত বিশেষ সহায়ক হ’ব পাৰে ইষ্ট এক্ট পলিচীৰ৷ কিয়নো অসমৰ মাজেৰে এছিয়া মহাদেশৰ অন্য দেশলৈ বেপাৰ–বাণিজ্য সম্প্রসাৰণৰ ক্ষেত্রত ভাৰত–ম্যানমাৰ–থাই সংযোগ কৰা স্থলপথৰ পূর্ণ পর্যায়ৰ কাম সম্পাদন হোৱাৰ আশা কৰিব পাৰি৷ কিয়নো G20ৰ আন এক লক্ষ্য হৈছে আন্তঃগাঁথনিৰ উন্নতিৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ৷ অসমলৈ অহা যুৱ প্রতিনিধিক বিষয়টোৰ আভাস দাঙি ধৰাৰ প্রসায় কৰা উচিত হ’ব৷ অনহাতে গুৱাহাটীত অৱস্থিত লোকপ্রিয় গোপীনাথ আন্তঃৰাষ্ট্রীয় বিমান ঘাটিটো বর্তমান সময়ত নামতহে আন্তঃৰাষ্ট্রীয় ৰূপত আছে৷ প্রয়োজনীয় বাণিজ্যিক সম্প্রাসৰণ নহ’লে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিমান পোর্টৰ ব্যৱহাৰ আশানুৰূপ নিশ্চয় নহয়৷ এইবাৰৰ আন্তঃৰাষ্ট্রীয় অনুষ্ঠানটোৱে গুৱাহাটীৰ বিমান পোর্টক এক গতি দিয়াৰ আশা থাকিব, অৱশ্যে যদিহে ইষ্ট এক্ট পলিচীৰ উন্নীতকৰণ সম্ভৱ হৈ উঠে৷ আন্তঃৰাষ্ট্রীয় যুৱ গোটৰ অনুষ্ঠান সুকলমে সম্পাদন হৈ গ’লে অসমৰ উগ্রপন্থী আৰু উগ্রবাদী সমস্যাৰ বিৰূপ মনোভাব লৈ থকা বিষয়টোৱেও তল পৰাৰ সম্ভাৱনা আছে৷ কিয়নো অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলক উগ্রপন্থীৰে জর্জৰিত হৈ থকা খবৰে অসমক বহুখিনি পিছলৈ ঠেলি থৈ গৈছে৷ এইদেখি সন্মানীয় মুখ্যমন্ত্রীগৰাকীয়ে অসমক আন্দোলন–হিংসা–প্রত মনোভাব পৰিত্যাগৰ বাবে বাৰেপতি সোঁৱৰাই থকা দেখা যায়৷ G20ৰ নির্ধাৰিত কার্যসূচীৰ সফল সমাপ্তিয়ে ভৱিষ্যতেও আন্তঃৰাষ্ট্রীয় পর্যায়ৰ অনুষ্ঠিান অনুষ্ঠিত কৰাৰ বাবে আমন্ত্রণ পোৱাৰো আশা থাকিব৷ আনহাতে অসমৰ যুৱ প্রতিভাই আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত বিদেশৰ প্রতিনিধিৰ চকুত পৰিব পাৰে আৰু কর্ম নিয়োজনত ইয়ে এক ইতিবাসক প্রভাৰ বিস্তাৰ কৰাৰ সম্ভাৱনীয়তা জগাব পাৰে৷ বনধ্বংসৰ বিষয়টোকো অসমৰ যুৱ প্রতিনিধিসকলে দৃষ্টিগোচৰ কৰাৰ অৱকাশ আছে৷ আমি সদৌ অসমবাসীৰG20ৰ সমূহ কার্যসূচীৰ সফল ৰূপায়ণৰ আশা নিশ্চয় থাকিব৷

ফোনঃ ৯৪৩৫১০৮১২০

You might also like