নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাৰ কিলিং ভগ্নীৰ কটা মূৰ লৈ মাতৃৰ সৈতে ছেল্ফি পুত্রৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ পৰিয়ালৰ সন্মান ৰক্ষা কৰিবলৈ ১৯ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ শিৰশ্ছেদ কৰিলে নাবালক ভাতৃয়ে৷ বিবাহিত কন্যাক হত্যা কৰাৰ ক্ষেত্রত সহায় কৰিলে মাতৃয়ে৷ অকল সেয়াই নহয়, প্রতিৱেশীসকলৰ অভিযোগ অনুসৰি কটা মূৰ লৈ মাতৃ–পুত্রই ছেলফিও উঠিছে৷ কালি এই ভয়ংকৰ অনাৰ কিলিঙৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্রৰ ঔৰংগাবাদত৷ যোৱা জুন মাহত পৰিয়ালৰ মতামত অবিহনে পলাই গৈ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ১৯ বছৰীয়া তৰুণী কীর্তি থুৰেই৷

শেহতীয়াকৈ এই তৰুণীৰ সৈতে মাতৃয়ে যোগাযোগ স্থাপন কৰে৷ কালি কন্যাৰ ঘৰলৈ পুত্রসহ আহিছিল মাতৃ৷ তৰুণী কীর্তিয়ে মাতৃ আৰু ভাতৃক আপ্যায়নৰ বাবে ৰান্ধনী ঘৰলৈ খাদ্য প্রস্তুতৰ বাবে যোৱাৰ সময়তে নাবালক ভাতৃয়ে কীর্তিক পাছফালৰ পৰা ডিঙিত ঘপিয়ায় চোকা অস্ত্রেৰে৷ কীর্তিৰ স্বামী ঘটনাস্থলীৰ পৰা কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়৷ এই লোমহর্ষক হত্যাৰ পিছত মাতৃ আৰু পুত্রই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছে৷

You might also like