নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্নীতিমুক্ত দেশ তথা সমাজ গঢ়াত দৃঢ়তাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি বি আৰ ফেৰেংগাৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ‘বনজ সম্পদৰ চোৰাং কাৰবাৰ তথা বন ধ্বংস ৰোধ কৰাৰ বাবে ৰাইজে সহযোগিতা আগবঢ়াব লাগিব।’ চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত বেংতলত আজি ইউপিপিএল দলৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিটিআৰৰ নৱ নিযুক্ত বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই।

উল্লেখ্য যে বেংতলস্থিত ইউপিপিএল দলৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান অনুষ্ঠানত ২৬জন প্ৰাক্তন এনডিএফবি সদস্যই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। ১৪নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ তথা নৱনিযুক্ত বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই প্ৰাক্তন এনডিএফবি সদস্যসকলক আৰণাই আৰু ফুলাম গামোচাৰে দললৈ উষ্ম আদৰণি জনায়।

যোগদান  অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে দুৰ্নীতিমুক্ত দেশ তথা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে  দৃঢ়তাৰে কাম কৰি যাব বুলি মন্তব্য কৰে। দেশৰ তথা ভৱিষ্যত প্ৰজন্মৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কোনো পৰিস্থিতিত দুৰ্নীতিৰ সৈতে আপোচ নকৰে আৰু দুৰ্নীতিমুক্ত দেশ তথা সমাজ গঢ়াৰ যি প্ৰতিশ্ৰুতি ৰাইজক দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষাত তেওঁলোক অটল হৈ আছে বুলি মন্তব্য কৰে।

বন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁলৈ এক কোটি টকা চাহ খাবলৈ দিয়াৰ প্ৰলোভন আগবঢ়াইছে বুলিও আজি সংবাদ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰি আশ্চৰ্য প্ৰকাশ কৰে। পূৰ্বৰ শাসকীয় চৰকাৰখনে বহু দুৰ্নীতি সংঘটিত কৰি বিটিচিত বৃহৎ পৰিমাণৰ বিত্তীয় খেলিমেলি কৰি নতুন চৰকাৰখনক সমস্যাত পেলাইছে বুলিও মন্তব্য কৰে।

You might also like