নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী পালেহি বহুকাংক্ষিত ক’ভিশ্বিল্ড ভেকচিন

প্রতীক্ষাৰ অন্ত পেলাই ৰাজ্যবাসীলৈ আহিল সুখবৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে আতংকিত কৰি ৰখা ৰাজ্যবাসীয়ে অৱশেষত লাভ কৰিলে বহুপ্রতীক্ষিত সু–খবৰ৷ প্রতিষেধকৰ বাবে আশা পালি ৰৈ থকা ৰাজ্যবাসীৰ প্রতীক্ষাৰ অন্ত পৰিল৷ আজি অসমলৈ অনা হ’ল ক’ৰোনা ভেকচিন৷ স্পাইচ জেটৰ বিশেষ বিমানেৰে পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা অনা হ’ল এই ক’ভিশ্বিল্ড ভেকচিন৷ সন্ধিয়াৰ ভাগত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰা এই বিমানৰ জৰিয়তে অনা হৈছে মুঠ ২০ কার্টন ক’ভিশ্বিল্ড ভেকচিন৷ ইয়াৰে ৩ কার্টন ভেকচিন প্রেৰণ কৰা হ’ব শ্বিলঙলৈ৷ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে প্রেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি প্রতিটো কার্টনত অনা হৈছে ১২ হাজাৰ ড’জ ভেকচিন৷ অর্থাৎ অসমলৈ প্রথম পর্যায়ত অনা হৈছে মুঠ ২,০৪,০০০ ড’জ ক’ভিশ্বিল্ড ভেকচিন৷ আনহাতে, আন তিনি কার্টন ভেকচিন অর্থাৎ ৩৬ হাজাৰ ড’জ প্রেৰণ কৰা হৈছে মেঘালয়লৈ৷ ইতিমধ্যে এই ভেকচিন প্রদান কৰাৰ যাৱতীয় ব্যৱস্থাও গ্রহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ অহা ১৬ জানুৱাৰীত সমগ্র দেশৰ লগতে ৰাজ্যতো ক’ৰোনা ভেকচিন প্রদানৰ প্রক্রিয়া শুভাৰম্ভ কৰা হ’ব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি প্রথম পর্যায়ত ভেকচিন প্রদানৰ বাবে ৰাজ্যত ৭৪টা কেন্দ্র চিনাক্ত কৰা হৈছে৷ সেই অনুসৰি প্রথম পর্যায়ত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ লগতে জিলা হাস্পতালসমূহত প্রদান কৰা হ’ব ক’ৰোনাৰ ভেকচিন৷ চিকিৎসা মহাবিদ্যালয় আৰু জিলা হাস্পতালসমূহৰ উপৰি ৰাজ্যজুৰি আন ১০০টা উপ–ভেকচিন কেন্দ্র বিভাগীয়ভাৱে চিনাক্ত কৰা হৈছে৷ পৰৱর্তী সময়ত এই উপ–কেন্দ্রসমূহতো অগ্রাধিকাৰ ভিত্তিত ভেকচিন প্রদান কৰা হ’ব৷ প্রথম পর্যায়ত কেৱল স্বাস্থ্যকর্মীসকলক প্রদান কৰা হ’ব এই ভেকচিন৷

উল্লেখ্য যে ড্রাগ্ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই জৰুৰীকালীনভাৱে দুটাকৈ দেশীয় ভেকচিন প্রয়োগৰ অনুমতি দিয়াৰ পাছতে ভেকচিন বিতৰণ প্রক্রিয়া আৰম্ভ কৰিছে৷ অক্সফ’ড বিশ্ববিদ্যালয়–এষ্ট্রা দ্বাৰা বিকশিত ভাৰতৰ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই পৰীক্ষণ আৰু উৎপাদন কৰা ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভাক্সিন দেশৰ ১৪খন চহৰলৈ প্রেৰণ কৰা হৈছে৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্রস্তুত কৰা এই ক’ভিশ্বিল্ড ভেকচিন নির্দিষ্ট তাপমাত্রাত সংৰক্ষণ আৰু পৰিবহণ কৰাটো অত্যন্ত জৰুৰী৷ অন্যথা এই ভেকচিন কার্যক্ষম নহ’বও পাৰে৷ সেয়েহে ভেকচিন বিতৰণ প্রক্রিয়াত গ্রহণ কৰা হৈছে বিশেষ সতর্কতামূলক ব্যৱস্থা৷ আনহাতে, এই ভেকচিন লাভ কৰাৰ পাছত প্রদান কৰাৰ সময়লৈকে ইয়াক সংৰক্ষিত কৰি ৰখাৰ ক্ষেত্রতো বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ স্বাস্থ্য বিভাগৰ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ৰাজ্যত গুৱাহাটীৰ উপৰি ডিব্রুগড়, তেজপুৰ আৰু শিলচৰত এই ভেকচিন সংৰক্ষণ কৰাৰ বাবে যাৱতীয় ক’ল্ড ষ্টৰেজৰ সুবিধা আছে৷ এই ক’ল্ড ষ্টৰেজসমূহৰ পৰাই ভেকচিন সংশ্লিষ্ট কেন্দ্রসমূহলৈ প্রেৰণ কৰা হ’ব৷ প্রাপ্ত তথ্য অনুসৰি আজি আহি পোৱা ভেকচিনসমূহ গুৱাহাটীতেই সংৰক্ষণ কৰি ৰখা হ’ব৷ কাইলৈ আৰু পৰহিলৈ এই ভেকচিনসমূহ গুৱাহাটীৰ পৰা আন প্রান্তলৈ প্রেৰণ কৰা হ’ব৷ জানিব পৰা মতে, উজনি অসমৰ কেন্দ্রসমূহলৈ ডিব্রুগড়ৰ ক’ল্ড ষ্টৰেজত সংৰক্ষণ কৰি ৰখা ভেকচিন প্রেৰণ কৰা হ’ব৷ উত্তৰ অসমৰ কেন্দ্রসমূহক তেজপুৰৰ পৰা ভেকচিনৰ ড’জসমূহ প্রদান কৰা হ’ব৷ সেইদৰে বৰাক উপত্যকাত শিলচৰৰ ক’ল্ড ষ্টৰেজৰ পৰা ভেকচিনৰ ড’জ সংশ্লিষ্ট কেন্দ্রসমূহলৈ প্রেৰণ কৰাৰ ব্যৱস্থা কৰিছে৷ নামনি অসমৰ জিলাসমূহত গুৱাহাটীৰ ক’ল্ড ষ্টৰেজৰ পৰাই ভেকচিন প্রেৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷

স্বাস্থ্য বিভাগৰ সূত্রটোত প্রকাশ কৰা মতে, ভেকচিন প্রদানৰ শুভাৰম্ভণিৰ দিনটো অর্থাৎ ১৬ জানুৱাৰীত ৭,৪০০গৰাকী স্বাস্থ্যকর্মীক ভেকচিন প্রদানৰ বাবে লক্ষ্য বান্ধি লৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই ভেকচিন প্রদান প্রক্রিয়া সুকলমে সম্পন্ন কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে দেশজুৰি আৰম্ভ কৰিছিল ড্রাইৰান প্রক্রিয়া৷ ইয়াৰ অংশ হিচাপে অসমতো সম্পন্ন কৰা হৈছিল ভেকচিন প্রদানৰ ড্রাইৰান প্রক্রিয়া৷ ৰাজ্যৰ বিভিন্ন জিলাৰ চৰকাৰী–বেচৰকাৰী হাস্পতালত এই ড্রাইৰান প্রক্রিয়া সম্পন্ন কৰা হৈছিল৷ ড্রাইৰানৰ সময়ত ভেকচিন প্রদানৰ বাহিৰে আন সকলো প্রক্রিয়াৰ অনুশীলন কৰা হৈছিল৷ ভেকচিনৰ বাবে পঞ্জীয়নৰ পৰা আৰম্ভ কৰি ভেকচিন প্রদানৰ পাছত কৰিবলগীয়া নিৰীক্ষণ ব্যৱস্থা, পার্শ্বক্রিয়াৰ সৃষ্টি হ’লে জৰুৰীকালীনভাৱে প্রদান কৰিবলগীয়া চিকিৎসা ব্যৱস্থা আদিকে ধৰি সকলো প্রক্রিয়া অনুশীলন কৰা হৈছে৷

ইয়াৰ মাজতে আজি ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্রস্তুত কৰা ভেকচিনৰ ড’জ গুৱাহাটীলৈ অনাৰ পাছত অচিৰেই ৰাজ্য ক’ভিডমুক্ত হ’ব বুলি আশা কৰা হৈছে৷ শীঘ্রে স্বাস্থ্যকর্মীসকলৰ উপৰি ৰাজ্যৰ আন নাগৰিকক ভেকচিন প্রদানৰ বাবেও ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ ইফালে আজি ক’ভিড ভেকচিন কঢ়িয়াই অনা বিমান অৱতৰণ কৰাৰ পাছত বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ আঞ্চলিক কার্যবাহী সঞ্চালক এম সুৰেশে সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ ক’ভিড ভেকচিন পৰিবহণৰ বাবে তেওঁলোক সম্পূর্ণৰূপে সাজু৷ উত্তৰ–পূর্বাঞ্চলত ক’ভিড ভেকচিন প্রেৰণৰ ক্ষেত্রত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ ইয়াৰ বাবে তেওঁলোকে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব৷ ইতিমধ্যে মাল পৰিবাহী বিমানৰ শাখা এই ভেকচিন পৰিবহণৰ বাবে সম্পূর্ণৰূপে সাজু কৰা হৈছে বুলি তেওঁ প্রকাশ কৰে৷ আজি এছ জি ৭৭১৫ নম্বৰ স্পাইচ জেট বিমানখন ৪.৫৮ বজাত অৱতৰণ কৰাৰ ৯ মিনিটৰ ভিতৰতে ভেকচিনৰ কার্টনসমূহ ৰাজ্যৰ স্বাস্থ্য বিভাগক অর্পণ কৰা হৈছে৷ গুৱাহাটী বিমানবন্দৰৰ মাল পৰিবাহী শাখাৰ কমপ্লেক্সত ভেকচিনৰ সুচল পৰিবহণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ নির্দিষ্ট স্থান নির্ধাৰণ কৰাৰ লগতে হেল্প ডেস্ক স্থাপন কৰা হৈছে৷ তদুপৰি প্রৱেশ–প্রস্থানৰ পথত ছেনিটাইজেচনৰ ব্যৱস্থাও কৰা হৈছে৷

You might also like