নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ  ধূলিএৰাৰ ধাননি পথাৰত  ভয়ংকৰ অগ্নিকাণ্ডঃ গুৰুতৰভাৱে অগ্নিদগ্ধ এজন 

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ   কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ নাতিদূৰৈৰ ধূলিএৰাৰ সোণগুটি ধাননিৰে ভৰা পথাৰত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । সাধাৰণ ভুল এটিৰ পৰিণতিত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত  কৃষকে মূৰৰ ঘাম মাটিত পেলাই  গাঠিৰ ধন ভাগি কৰা বৃহত পৰিমানৰ ধান খেতি জ্বলি নষ্ট হয় ।

ঘটনাৰ বিৱৰণীমতে জিলাখনৰ ৰঙিয়া মহকুমা কৃষি বিভাগৰ লোচ কৃষিচক্ৰ তথা কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধূলিএৰাত ইতিমধ্যে ধাননি পথাৰৰ ধান কটা  নৰাতলীয়াত স্থানীয়   কৃষকে নিজৰ অংশত আজি  অগ্নি সংযোগ কৰাৰ  ফলতেই সৃষ্টি হয় এই খাণ্ডৱদাহৰ ।

এই জুই তৰিৎগতিত চৌপাশে থকা পথাৰৰ ধাননিলৈ বিয়পি পৰাত কেইবাটাও দৰিদ্ৰ কৃষকৰ  ১২-১৪ বিঘাভূমিৰ ধানখেতি কম সময়ৰ ব্যৱধানতে জুইত জাহ গৈ নষ্ট  হৈ পৰে ।

জানিব পৰামতে,  সেই অংশত সৰিয়হৰ খেতি কৰাৰ উদ্দেশ্যে নৰাতলীয়াত অগ্নি সংযোগ কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যবশত: ইয়ে কালৰূপ ধাৰণ কৰাত কেইবাটাও পৰিয়ালৰ ধাননি জুইত জাহ যায় । আনহাতে, ঘটনাৰ খৱৰ পোৱাৰ পিছতে এচামলোকে সংপৃক্ত হৈ থকা বিস্তীৰ্ণ এলেকাৰ ধাননি পথাৰত অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা চলাওতে এজন কৃষক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় ।

অৱশ্যে কিছসময় পিছতেই ঘটনাস্থলীত জুই নিৰ্বাপন কৰাৰ বাবে বাইহাটা চাৰিআলিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ ২ খনকৈ বাহনো ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত তেওঁলোকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত অধিক ক্ষতিৰ পৰা গঞাকৃষক সকল ৰক্ষা পৰে । ইপিনে এই অস্বাভাৱিক আৰু অপ্ৰত্যাশিত ঘটনাত ক্ষতিগ্ৰস্ত কৃষক সকলক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা লৱলৈ সংশ্লিষ্ট কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু কৃষি বিভাগৰ প্ৰতি সুহৃদজনে অনুৰোধ জনাইছে ।

You might also like