নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ সৈতে দক্ষিণ আফ্ৰিকাত কৰ্মৰত যশস্বী বিজ্ঞানী ড°মুকুট গোহাঁইৰ সাক্ষাৎ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰ : কোভিডৰ শেহতীয়া ভেৰিয়েণ্ট “অমিক্ৰণ“কলৈ বিশ্বজুৰি যি অহেতুক আশংকাৰ সৃষ্টি হৈছে তাৰ সম্পূৰ্ণ বিপৰীতে অমিক্ৰণ আক্ৰান্তই উপযুক্ত পৰিচৰ্যা পালে মাত্ৰ দুটা বা তিনিটা দিনৰ ভিতৰতে আৰোগ্য লাভ কৰিব পাৰে। দক্ষিণ আফ্ৰিকাৰ মেডিকেল এছ’চিয়েচনৰ অধ্যক্ষ ড° এঞ্জেলিকো কয়েটজীৰ উদ্ধৃতি দি এই কথা সদৰী কৰিছে দেশখনত কৰ্মৰত যশ্বসী বিজ্ঞানী ড° মুকুট গোহাঁইয়ে। তিনিচুকীয়াৰ অতি ভিতৰুৱা প্ৰান্তৰ বৰচাপৰিৰ এইগৰাকী অসমীয়া সন্তানে আজি “নিয়মীয়া বাৰ্তা“ৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰৎ জানিবলৈ দিয়ে কোভিডৰ শেহতীয়া ভেৰিয়েণ্ট অমিক্ৰণ সম্পৰ্কে বহুখিনি কথা ৷ গাৰ বিষ, চৰ্দী, ৰাণ্ণি ন’জ আদি অতি মাইল্ড শ্ৰেণীৰ উপসৰ্গ কঢ়িয়াই অনা অমিক্ৰণক প্ৰতিৰোধ কৰিবলৈ সহজ চিকিৎসা পদ্ধতিৰহে দৰকাৰ। দক্ষিণ আফ্ৰিকাৰ কাষৰীয়া দেশ বাটছোৱানাত পোনতে আৰ্বিভাৱ হোৱা নতুন ভেৰিয়েণ্ট B.1.1.529 ক বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰিছে অমিক্ৰণ হিচাপে ৷ মানৱ শৰীৰত অমিক্ৰণৰ প্ৰভাৱৰ বিষয়ে আৰু দুই তিনি সপ্তাহৰ গৱেষণাত স্পষ্ট হৈ পৰিব বুলি জানিবলৈ দি ড° মুকুট গোঁহাইএ আৰু কয় যে দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে অমিক্ৰণৰ জি’নম চিকুৱেঞ্চিং কৰি বিশ্ব স্বাস্থ্য সংস্থাক ইতিমধ্যে জমা দিছে ৷ দেশখনৰ বিজ্ঞানী মহলৰ এনে প্ৰচেষ্টাৰ বাবে মাত্ৰ ১০০দিনৰ ভিতৰতে নিৰ্মাতাসকলে ভেক্সিন উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি ব্যক্ত কৰে অসমীয়া বিজ্ঞানীগৰাকীয়ে ৷ সম্প্ৰতি ক’ৰোনাৰ চতুৰ্থটো ঢৌৰ সৈতে মোকাবিলা কৰি থকা দক্ষিণ আফ্ৰিকাত লকডাউন এই পৰ্যন্ত কঠোৰ কৰাৰ কোনো সিদ্ধান্ত প্ৰশাসনীয় স্তৰত লোৱা নাই যদিও দেশখনৰ নাগৰিকে কোভিড বিধিসমূহ দায়িত্বসহকাৰে পালন কৰি আহিছে ৷ এই কথা জানিবলৈ দি ড° মুকুট গোহাঁইএ আৰু কয় যে কোভিডৰ নতুন ভেৰিয়েণ্টকলৈ হতচকিত হোৱাতকৈ প্ৰযোজ্য বিধিসমূহ পালন, মাস্ক আৰু ছেনিটাইজাৰৰ ব্যবহাৰহে সকলোৱে নিশ্চিত কৰা উচিত ৷ উল্লেখ্য যে অসমীয়া বিজ্ঞানীগৰাকীয়ে দেশখনৰ ফাৰ্মাছিউটিকেল বিভাগৰ জ্যেষ্ঠ গৱেষক আৰু মূৰব্বী বিষয়া ৷ এণ্টিবায়টিক আৱিষ্কাৰৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ড°মুকুট গোহাঁই এটা সমাদৃত নাম ৷

 

 

You might also like