নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত বলিদান দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: আজি বিয়লি ধুবুৰী চহৰৰ মাজমজিয়াৰ পাঁচমোৰত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰৰ উদ্যোগত “বলিদান দিৱস” পালন কৰা হয়। উল্লেখ্য যে, ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ – এসপ্তাহতে শিখ ধৰ্মৰ অন্তিম গুৰু, গুৰু গোৱিন্দ সিংৰ সম্পূৰ্ণ পৰিয়ালক নৃশংস্য ভাৱে হত্যা কৰিছিল মোগল সম্ৰাট ঔৰংজেৱে। ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ – এই ৭দিন দেশ আৰু সমাজৰ বাবে নিজৰ জীৱন বলিদান দিয়া গুৰু গোৱিন্দ সিংৰ সুঁৱৰি সমগ্ৰ দেশজুৰি”শোক সপ্তাহ” পালন কৰা হয়। আনহাতে, এই শোক সপ্তাহৰ ষষ্ঠ দিনা; অৰ্থাৎ আজিৰ এই ২৬ ডিচেম্বৰৰ দিনটোত গুৰু গোৱিন্দ সিংৰ দুই নাবালক পুত্ৰ ৪ বছৰীয়া বাবা জোৰাবৰ সিং আৰু ৬ বছৰীয়া বাবা ফতেহ সিংক জীৱন্তে বেৰত পুতি হত্যা কৰিছিল মোগলে। তাৰেই সৈতে সংগতি ৰাখি আজি বাবা জোৰাবৰ সিং আৰু বাবা ফতেহ সিংৰ নিৰ্ভীকতাক স্মৰণ কৰি আজি “বলিদান দিৱস” পালন কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰে। আজিৰ এই কাৰ্য্যসূচীত সংগঠনটোৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক দেবাশীষ দত্ত, ধুবুৰী নগৰৰ সভাপতি দিৱস অধিকাৰী, সাধাৰণ সম্পাদক বিপুল কুমাৰ প্ৰসাদকে ধৰি নগৰৰ অন্যান্য কাৰ্য্যকৰ্তা, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী গুৰুদ্বাৰাৰ প্ৰৱন্ধক গুৰবিন্দৰ সিং উপৰিও স্থানীয় ৰাইজেও স্বতঃস্ফুর্ত ভাৱে আগুৱাই আহি আজিৰ এই “বলিদান দিৱস” ৰ কাৰ্য্যসূচীত অংশ ল’য়।

You might also like