নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমত উপকাৰী-প্ৰটিনযুক্ত কেইবিধমান চালাদ

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ দিনে দিনে বাঢ়িছে পাৰাস্তম্ভৰ মান। গৰমৰ দিনত শীতল পানী, সতেজ জুচ বা চৰ্বত আৰু যিকোনো শীতল খাদ্য আমাৰ প্ৰিয় হৈ উঠে। চালাদ আমাৰ বহুতৰে প্ৰিয়। কিন্তু গৰমৰ দিনত খোৱা চালাদত সাধাৰণতে বিভিন্ন ধৰণৰ ভজা-পোৰা, মছলাজাতীয় সম্ভাৰ মিহলি হৈ থাকে। আমি খোৱা চালাদৰ পাচলিবোৰ জাৰৰ দিনতহে বেছিকৈ ওলায়। গৰম দিনত খাব পৰা উচ্চ মাত্ৰাত প্ৰটিন থকা কেইবিধমান শীতল চালাদৰ কথা আজি জানো আহক-

পাচলিৰ চালাদঃ এইবিধ চালাদেই আমি সকলোৱে বেছিকৈ খাওঁ বা বিচাৰোঁ। ঘৰতো সাধাৰণতে এইবিধ চালাদেই বেছিকৈ পোৱা যায়। ই বৰ সোৱাদযুক্তও। পাচলিৰ চালাদৰ সৈতে পনীৰ, মাকৈ আৰু আলু মিহলাই দি অধিক সোৱাদযুক্ত আৰু গুণকাৰী কৰিব পাৰে। তাৰ ওপৰত ফ্লেভাৰৰ বাবে মৌ আৰু ৰেড ৱাইনেৰে সজাব পাৰে।

ৰাছিয়ান চালাদঃ পৰম্পৰাগত ৰাছিয়ান চালাদ বনোৱা পদ্ধতি হ’ল লুডুৰ গুটিটোৰ দৰে কটা পাচলি আৰু মেয়নিছেৰে সজোৱা। আলু, গাজৰ, বিন, মটৰ আদিৰ লগতে ডালিম, আপেল, আঙুৰ আদিও দিব পাৰে। আজিকালি এইবিধ চালাদ নতুন চামৰ অতি পছন্দৰ আৰু ই অতি স্বাস্থ্যকৰো।

কেঁচা অমিতাৰ চালাদঃ এইবিধ চালাদক ছোম-তাম বুলি কোৱা হয় থাইলেণ্ডত। ই থাইলেণ্ডৰ অতি জনপ্ৰিয় এবিধ খাদ্য। ইয়াত স্থানীয়ভাৱে উংপাদিত বিভিন্ন পাচলি, বাদাম আদিৰ উপৰি এছিড আৰু কেঁহা সোৱাদ কৰিব পৰা মছলা মিহলোৱা হয়।

তৰমুজৰ চালাদঃ তৰমুজত কম কেলৰীযুক্ত আৰু ইয়ে দেহত জলৰ পৰিমাণ ধৰি ৰখাত সহায় কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰক্ষা, ছালখন আৰু চুলিৰ যতন, পাচন ক্ৰিয়াৰ বাবেও ই বৰ গুণকাৰী। এই সকলোবোৰ গুণাগুণৰ বাবে গৰমত সৰহকৈ পোৱা তৰমুজৰ চালাদ বনাই খাব পাৰে। লগতে দিব পাৰে পদিনা। ই সোৱাদ দুগুণ বঢ়াব।

পাষ্টা চালাদঃ আজিকালিৰ খাদ্যভ্যাসৰ অন্যতম হ’ল পাষ্টা। বিশেষকৈ সৰু ল’ৰা-ছোৱালীয়ে বৰ ভাল পায়। এইবিধ খাদ্য আৰু সোৱাদপূৰ্ণ হৈ উঠে যেতিয়া তাত কিছু সেউজীয়া ধনীয়া পাত আৰু চীজ বা পনীৰ মিহলি হৈ উঠে।

You might also like