নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলবাৰে নতুনকৈ পজিটিভ ৩,৪১৫জন, মৃত ৩৪

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে আজিৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন এছ’পি৷ ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ মঙলবাৰে পুনৰ ক’ভিডত আক্রান্ত হৈছে ৩,৪১৫জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৭৭জন যোৰহাট জিলাৰ৷ তদুপৰি গুৱাহাটীক চেৰ পেলাই গোলাঘাটত ২৩১, কাছাৰত ২৩২ আৰু তিনিচুকীয়াত ২২৮জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীত আক্রান্ত হৈছে ২০৪জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,৩২,৯২৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.৫৭ শতাংশ৷

মঙলবাৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২,৯০৬জন৷ মৃত্যু হৈছে ৩৪জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ সর্বাধিক ৫জন৷ তদুপৰি লখিমপুৰত চাৰিজন, যোৰহাট–নগাঁৱত তিনিজনকৈ, ডিব্রুগড়–গোলাঘাট–হোজাই- কামৰূপ মহানগৰ–কার্বি আংলং–শিৱসাগৰত দুজনকৈ আৰু বাক্সা–কাছাৰ–হোজাই– এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩৯,৮৩৭জন৷

উল্লেখ্য যে নুমলীগড় ৰিফাইনেৰী লিমিটেডে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু যোৰাহাট জিলা প্রশাসনৰ সহযোগত নির্মাণ কৰি উলিয়াইছে ২০খন আইচিইউ বিছনাসহ সম্পূর্ণ ১২০খন বিছনাযুক্ত ক’ভিড হাস্পতাল৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই ক’ভিড হাস্পতালখন মুকলি কৰা হৈছে৷ এনআৰএলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যাপ্রসাদ তাছা, বিধায়ক হিতেন্দ্র নাথ গোস্বামী, এনআৰএলৰ কাৰিকৰী সঞ্চালক ভাস্কৰজ্যোতি ফুকন, জে এম চি এইচৰ মুখ্য অধীক্ষক ড০ ৰত্নকান্ত তালুকদাৰৰ উপস্থিতিত মঙলবাৰে হাস্পতালখন মুকলি কৰা হৈছে৷ এই ক’ভিড হাস্পতালৰ মুঠ ব্যয় হৈছে ৭ কোটি টকা৷

You might also like