নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত নাবালিকাক যৌন নির্যাতন চলাই ৰঙাঘৰত সোমাল ইমাম

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ইমামৰূপী এজন পঞ্চাশোর্ধৰ পাষণ্ডৰ যৌন নির্যাতনৰ বলি হ’ল নাবালিকা৷ এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মাজদিয়াত৷ সর্থেবাৰী থানাৰ অন্তর্গত মাজদিয়া গাঁৱৰ এগৰাকী নাবালিকাক যৌন আতিশয্য চলায় মছজিদৰ ইমামে৷ মাজদিয়া ৰিজার্ভৰ বাবুল আলী (৫২) নামৰ ইমামজনে একে গাঁৱৰে এগৰাকী ন বছৰীয়া নাবালিকাক ভয়–ভাবুকিৰে দীর্ঘদিন ধৰি যৌন নির্যাতন চলাই আহিছিল৷ নাবালিকাগৰাকীৰ পিতৃ–মাতৃয়ে এই কথা হত্যা কৰিব বিচৰা আনটো শিশু বৰপেটা মেডিকেল কলেজ হাস্পতালত ভর্তি কৰে স্থানীয় লোকে৷ মহিলাগৰাকীৰ দুয়োটা আছিল যমজ সন্তান৷ বৰপেটা–হাউলী পথৰ ইচাৰ পেড্র’ল পাম্পৰ সমীপত নিশা সংঘটিত হয় এই নাৰকীয় ঘটনা৷ পাষাণ মাতৃগৰাকীৰ নাম হনুফা নাছৰিণ৷ বৰপেটাৰ জনিয়াৰ সমীপৰ চাপৰা গাঁৱৰ আব্দুল লতিফৰ পত্নী হনুফা নাজনিন৷ স্বামী, শহুৰ আৰু দেওৰেকৰ অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই এনে নির্দয়, নাৰকীয় কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ কনিষ্টবল হিচাপে কর্মৰত হনুফা নাছৰিণ পূর্বে আন এটি শিশু হত্যাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈ আছে৷

হাউলী চহৰৰ ৩ নং ৱার্ডৰ বাসিন্দা হনুফা নাছৰিণৰ বিয়া হৈছিল চাপৰা গাঁৱৰ আব্দুল লতিফৰ সৈতে৷ বিবাহিত আব্দুল লতিফ নামৰ লোকজনৰ সৈতে প্রেম সূত্রে বিবাহ হোৱাৰ পিছৰে পৰাই স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নির্যাতন চলাই অহা বুলি অভিযোগ কৰিছে হনুফাই৷ লক্ষণীয় যে বৰপেটা আৰক্ষীৰ ওচৰত আব্দুল লতিফৰ বিৰুদ্ধে অভিযোগ দিয়াৰ লগতে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰো চেষ্টা চলাইছিল মহিলাগৰাকীয়ে৷ স্বামীৰ অত্যাচাৰত জর্জৰিত মহিলাগৰাকীয়ে কালি দিনৰ ভাগত হাউলীৰ পিতৃগৃহলৈ গৈছিল যদিও তাৰ পৰা উভতি আহি নিশা বৰপেটা–হাউলী পথৰ ইছাৰ পেড্র’ল পাম্পৰ সমীপত সংঘটিত কৰে নিজ শিশু সন্তানক হত্যাৰ চাঞ্চল্যকৰ ঘটনাটো৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘাতক মাতৃগৰাকীয়ে স্বামীৰ সৈতে মোবাইলত কথা পাতি আছিল৷ স্বামীৰ কথাত উত্তেজিত হৈয়েই মহিলাগৰাকীয়ে সংঘটিত কৰে এনে নাৰকীয় ঘটনা৷ অৱশ্যে মহিলাগৰাকীয়ে সন্তানক হত্যাৰ কথা অস্বীকাৰ কৰিছে৷ কোলাৰ পৰা পৰি যোৱা দেখি তাত থকা লোকে শিশুটোক হত্যা কৰা বুলি তেওঁক মাৰধৰ কৰি আৰক্ষীক চমজাই দিয়া বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে৷ এই ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

You might also like