নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাক সর্বাধিক ভোটত জয়ী কৰিবলৈ প্রতিজ্ঞাবদ্ধ উত্তৰ গুৱাহাটীবাসী

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পার্টীৰ জালুকবাৰী মণ্ডলৰ উদ্যোগত মঙলবাৰে উত্তৰ গুৱাহাটী নগৰ সমিতিৰ ১ নং আৰু ২ নং ৱার্ডত দুখন নির্বাচনী সভা অনুষ্ঠিত হয়৷ ১ নং ৱার্ডৰ ঘোঁৰামাৰা ৰংগমঞ্চ আৰু ২ নং ৱার্ডৰ মাজগাঁও শিশু উদ্যান প্রাংগণত আয়োজন কৰা নির্বাচনী সভাখনত উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অগণন লোকে অংশগ্রহণ কৰে৷ জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যৰ উন্নয়নৰ স্বার্থত সর্বাধিক ভোটত জয়ী কৰাবলৈ প্রতিজ্ঞাবদ্ধ হয় সমষ্টিৰ ৰাইজ৷ ঘোঁৰামাৰা ৰাজহুৱা মঞ্চত হোৱা সভাত স্থানীয় যতীন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত নির্বাচনী সভাত দলৰ কেইবাজনো নেতাই ভাষণ দি মন্ত্রীগৰাকীক এইবাৰো বিপুল ভোটত জয়ী কৰোৱাৰ পণ লয়৷ শেষত বিজেপিৰ স্থানীয় নেত্রী প্রাঞ্জলিকা ডেকাই সকলো অভ্যাগতক শলাগৰ শৰাই আগবঢ়ায়৷ সভাত ১ নং ৱার্ডৰ প্রাক্তন কমিছনাৰ চন্দন কাকতি, নমিতা কাকতি আৰু বর্তমানৰ ৱার্ড কমিছনাৰ অৰূপ দাস আদি উপস্থিত থাকে৷

You might also like