নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত যুৱতী নিৰুদ্দেশক লৈ চাঞ্চল্য, এসপ্তাহে সন্ধানহীন বৰষা দাস

ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৪নং ৰজাগড়ৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বিগত এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি ৰজাগড় নিবাসী হিৰেণ দাস আৰু ৰিঞ্জু দাসৰ কন্যা বৰষা দাস (২৩) বিগত ১৬ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ৷ যুৱতীগৰাকী নিজ বাসগৃহৰ পৰাই সন্ধানহীন হোৱা বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

বিগত এসপ্তাহে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ কৰিও যুৱতীগৰাকীৰ কোনো শুংসূত্ৰ উলিওৱাব নোৱাৰাত এতিয়া পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে৷ যুৱতীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষী এইপৰ্যন্ত যুৱতী গৰাকীৰ শুংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈছে।

কোনো লোকে যুৱতীগৰাকীৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা বা ৬০০১৬৭১০৯৭, ৯৩৬৫১৬৪০৮২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, ডিমাকুছি , ২২ নৱেম্বৰ

You might also like