নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাক নিজৰ হাতত ৰাখিবলৈ তৎপৰতা বিজেপিৰ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ নগাঁও জিলাৰ অতি গুৰুত্বপূর্ণ সমষ্টি হিচাপে চিহ্ণিত ৮৪নং বটদ্রৱা বিধানসভা সমষ্টি৷ বিভিন্ন জাতি–জনগোষ্ঠী–সম্প্র্ মিলনভূমি বটদ্রৱা বিধানসভা সমষ্টি এইবাৰ পুনৰ দখল কৰিবলৈ উঠিপৰি লাগিছে বিজেপি দলে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত প্রাক্তন মন্ত্রী তথা কংগ্রেছ প্রার্থী গৌতম বৰাক পৰাজিত কৰি বিজেপিৰ আঙুৰলতা ডেকা নির্বাচিত হৈছিল৷ নির্বাচনৰ দিন ইতিমধ্যে চমু চাপি অহাৰ লগে লগে বটদ্রৱা বিধানসভা সমষ্টিত বিজেপি, কংগ্রেছ, অগপ, এআইইউডিএফ আদি দলে নির্বাচনকেন্দ্রিক তৎপৰতা আৰম্ভ কৰিছে৷

প্রতিটো ৰাজনৈতিক দলৰ প্রার্থিত্বপ্রয়াসীসক লগতে একাংশ নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা ব্যক্তিয়ে সমষ্টিটোৰ গাঁৱে–ভূঞে সভা–সমিতি অনুষ্ঠিত কৰি প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিয়ে সৃষ্টি কৰা সমস্যাৰ সুযোগ গ্রহণ কৰি ৰাজনৈতিক দল, প্রার্থিত্বপ্রয়াসীসক দৰিদ্র লোকসকলৰ মাজত খাদ্য সামগ্রী, ছেনিটাইজাৰ, মাস্ক আদি বিতৰণ কৰাৰ লগতে এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্র–ছাত্রীসকলক ঘৰে ঘৰে গৈ সম্বর্ধনা জনায়৷ ২০১৬ চনৰ ভোটাৰ তালিকা অনুসৰি ১,৩৯,৭৯৩ গৰাকী ভোটাৰ থকা সমষ্টিটোক বিজেপি দলে নিজৰ হাতত ৰাখিবৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে৷ সমষ্টিটোৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি উন্নয়নৰ ক্ষেত্রত লোৱা পদক্ষেপে সমষ্টিটোত বিজেপিৰ স্থিতি শক্তিশালী কৰাত অৰিহণা যোগাইছে৷ ২০১৬ চনৰ নির্বাচনত বিজেপিৰ আঙুৰলতা ডেকাই ৪৬,৩৪৩টা ভোট লাভ কৰি নির্বাচিত হৈছিল৷ ইয়াৰ বিপৰীতে কংগ্রেছ প্রার্থী তথা প্রাক্তন মন্ত্রী গৌতম বৰাই ৪০,৪৫৮টা, এআইইউডিএফৰ নাজিৰ উদ্দিন আহমেদে ৩৩,০২২টা আৰু চিপিআই (এম), বিভিএম আৰু তিনিজন নির্দলীয় প্রার্থীয়ে ১০০০ৰ তলত ভোট লাভ কৰে৷

সমষ্টিটোৰ পৰা এইবাৰ বিজেপিৰ প্রার্থিত্বৰ বাবে বর্তমানৰ বিধায়িকা আঙুৰলতা ডেকা আৰু যুৱনেতা ৰোহিনী বৰাৰ নাম চর্চা হৈছে৷ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিটোৰ উন্নয়নৰ জৰিয়তে সমষ্টিবাসীৰ মন জয় কৰাৰ চেষ্টা কৰাৰ লগতে দলীয় শীর্ষ নেতাৰ লগত যোগাযোগ ৰাখিছে৷ বিধায়িকা ডেকাৰ এইবাৰ প্রার্থিত্ব নিশ্চিত হৈছে বুলি দলীয় সূত্রত প্রকাশ৷ ইপিনে, যুৱনেতা ৰোহিনী বৰায়ো সমষ্টিটোত জনসম্পর্ক অব্যাহত ৰাখিছে৷ কংগ্রেছ দলৰ প্রার্থিত্বপ্রয়াসীসক ভিতৰত প্রাক্তন মন্ত্রী গৌতম বৰা, অসম প্রদেশ যুৱ কংগ্রেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰা, কংগ্রেছ নেত্রী শিৱামণি বৰা অন্যতম৷ তিনিওগৰাকী নেতাই সমষ্টিটোৰ বিভিন্ন স্থানত সভা–সমিতি অনুষ্ঠিত কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ যুৱনেতা অভিজিৎ বৰাই নিজৰ প্রার্থিত্বৰ সমর্থনত জোৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ ৰাজ্যৰ বর্তমানৰ মিত্রজোঁট চৰকাৰৰ অংশীদাৰ অগপ দলে এইবাৰ বটদ্রৱা সমষ্টি অগপক এৰি দিবলৈ বিজেপিক দাবী জনাব৷

ইতিমধ্যে সমষ্টিটোত প্রার্থিত্বৰ বাবে অগপৰ মহিলা নেত্রী মামণি বৰাই প্রার্থিত্ব লাভৰ বাবে জোৰদাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ মামণি বৰাই ইতিমধ্যে সমষ্টিটোত অগপৰ সভা–সমিতি অনুষ্ঠিত কৰি অগপৰ সংগঠন বৃদ্ধি কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ অগপৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰায়ো অগপৰ পৰা প্রার্থিত্ব বিচাৰিছে৷ ৰঞ্জন বৰায়ো সমষ্টিটোত জনসম্পর্ক অব্যাহত ৰাখিছে৷ এআইইউডিএফৰ পৰা মতিউৰ ৰহমান, হাৰুণ আহমেদ আৰু বদৰুজ্জা চৌধুৰীৰ নাম চর্চিত হৈছে৷ দীর্ঘদিনৰ পৰা বটদ্রৱা সমষ্টি দখল কৰিবলৈ সপোন পুহি ৰখা এআইইউডিএফ দলে তৎপৰতা অব্যাহত ৰাখিছে৷ কংগ্রেছ–এআইডিএফ দলৰ মহাজোঁট গঠনৰ সিদ্ধান্ত হ’লে সমষ্টিটো কংগ্রেছক এৰি দিয়াৰ সম্ভাৱনা আছে৷ সেয়া হ’লে এইবাৰ নির্বাচনত মহাজোঁট আৰু অগপ–বিজেপি মিত্রজোঁটৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে৷

You might also like