নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ মহাবিদ্যালয়ত দিপলীনা ডেকাৰ সংগীতানুষ্ঠান 

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: প্ৰচণ্ড শীতৰ মাজতো শিল্পীৰ গীত মাতত কল্লোলিত হ’ল এজাৰ ফুলৰ নগৰী বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদ।ঘন কুৱলীৰ মায়াসনা পৰিৱেশত কালি শিক্ষাৰ্থীৰ কোলাহলত এক প্ৰকাৰ সৃষ্টি হ’ল সংগীতময় অনন্য পৰিৱেশ।কাৰ্যতঃকালি  বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত অনুষ্ঠিত হয় আবেলিৰ আড্ডা শীৰ্ষক এক অনুষ্ঠান। বিগত বৰ্ষৰ দৰে এই বাৰো ব্যাপক আয়োজনৰ মাজেৰে  এই বিশেষ অনুষ্ঠানত উদ্বেলিত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী। অধ্যাপক অধ্যাপিকা সহ মহাবিদ্যালয় খনৰ অধ্যক্ষ ড’ চিন্তা মণি শৰ্মা, বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা পূৰবী ভট্টাচাৰ্যকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ পূৰ্বে কবি নীলমনি ফুকনৰ মৃত্যুত শোক প্ৰকাশ  কৰা হয়।উল্লেখ্য যে এই অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয়ৰ একালৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তন্ময় শ‌ইকীয়াই সংগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানটোৰ মূখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকা। হাঁহি, ৰসাল কথা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে কণ্ঠশিল্পী গৰাকীয়ে আড্ডাৰ মাজেতে সংগীত পৰিবেশন কৰি মহাবিদ্যালয় খনৰ চৌহদ কঁ‌পাই তোলে।শীতৰ সেমেকা ৰাতি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি অভিভূত হৈ পৰে শিল্পী দ্বীপলিনা।বিশ্বনাথবাসীৰ মৰম স্নেহৰ বাবেও কৃতজ্ঞ বুলি উল্লেখ কৰে।
You might also like