নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক গোভা ৰজা জোনবিল মেলাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

  •  জোনবিল মেলা সমিতিলৈ ২০ বিঘা ভূমি আবণ্টনৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে
  • কুসংস্কাৰ দূৰীকৰণ আৰু মত-বিনিময়ৰ জৰিয়তে সমন্বয়ৰ এক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে জোনবিল মেলা: মুখ্যমন্ত্ৰী

 

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ জোনবিল পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গোভা দেওৰজা জোনবিল মেলাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ আজিৰ এই অনুষ্ঠানত গোভাৰজা দিপ সিং দেওৰজা আৰু অন্যান্য তিৱা ৰজাসকলো উপস্থিত থাকে৷

এই উপলক্ষে জোনবিল মেলা পথাৰত আয়োজিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কলা-কৃষ্টিৰে সমৃদ্ধ অসম ভূমিৰ সামাজিক আৰু সাংস্কৃতিক জীৱন ধাৰা মহীয়ান কৰা উৎসৱ পাৰ্বনসমূহৰ অন্যতম হৈছে জোনবিল মেলা৷ এই মেলাই আমাৰ জনজাতীয় সমাজখন অধিক উজ্জ্বল ৰূপত প্ৰতিভাত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে এই মেলাৰ জৰিয়তে তিৱা জনজাতিৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিক চিৰবহ্নিমান কৰি ৰাখিবলৈ উদ্যোক্তাসকলে ধাৰাবাহিকভাৱে লৈ অহা প্ৰচেষ্টাৰো শলাগ লয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বাৰেৰহণীয়া সমাজ জীৱনৰ অন্যতম অংগ হৈছে অপূৰ্ব সাংস্কৃতিক জীৱন শৈলীৰে সমৃদ্ধ তিৱা জনজাতি৷ তিৱা ৰাজকীয় শাসন ব্যৱস্থাৰ সুদীৰ্ঘ ইতিহাসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিৱাসকলৰ ৰাজনৈতিক শাসন ব্যৱস্থাৰ এক সুকীয়া ঐতিহ্য আছে৷ ৰাজকীয় শাসন ব্যৱস্থাই তিৱাসকলক শৃংখলাবদ্ধ, সংস্কৃতিপ্ৰেমী আৰু আধ্যাত্মিক হ’বলৈ এক দৰ্শন প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

অতীজৰে পৰা তিৱাসকলে ভাষিক আৰু সাংস্কৃতিক পৰিচয়েৰে স্বকীয় প্ৰতিভাৰে জিলিকি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিৱাসকলৰ সাংস্কৃতিক সম্পদসমূহ অতি চহকী আৰু ইয়ে অসমৰ সাংস্কৃতিক জীৱনধাৰা অধিক বৰ্ণিল কৰি তুলিছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই জনজাতিৰ বিভিন্ন উৎসৱ-পাৰ্বন, আচাৰ-অনুষ্ঠান আদিৰ জৰিয়তে আধ্যাত্মিক জীৱনবোধ আৰু সাংস্কৃতিক চেতনাক কিদৰে প্ৰভাৱিত কৰিছে সেই কথা উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন উৎসৱ-পাৰ্বনৰ ভিতৰত জোনবিলা মেলাই তিৱা জনজাতিক প্ৰদান কৰিছে সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক সৌৰভ৷

জোনবিল মেলাৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জোনবিল মেলা অনুষ্ঠিত কৰা মধ্য অসমত অন্যতম গোভা ৰাজ্যৰ পৰাই পিছৰ পৰ্যায়ত নেলী, খলা, চহৰী নামৰ তলতীয়া ৰাজ্যৰ সৃষ্টি হৈছিল৷ এই ৰাজ্যকেইখনৰ উপৰি সপ্তদশ শতিকাত আহোমৰ উদ্যোগত ভালেকেইখন সৰু-বৰ ৰাজ্য প্ৰতিষ্ঠিত হয় বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে অতীজৰে পৰা বৰ্তমানলৈকে মধ্য অসমৰ এই অঞ্চলটোত বসবাস কৰা তিৱা আৰু কাৰ্বিসকলে বৰ্তমানলৈকে গোভা ৰজাকে প্ৰমুখ্য কৰি পূৰ্বৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিসমূহ আকোঁৱালি লৈ সেইসমূহ আগবঢ়াই নিছে আৰু তাৰে উৎকৃষ্ট উদাহৰণ হৈছে জোনবিল মেলা৷ মুখ্যমন্ত্ৰীয়ে কয় যে জোনবিল মেলা উদ্ভৱৰ মূল কাৰণ হৈছে অৰ্থনীতি৷ তেওঁ লগতে কয় যে অসম বুৰঞ্জীৰ মতে মধ্যযুগৰ কালছোৱা গোভা ৰাজ্য এখন মুকলি হাত বজাৰৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছিল৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সুদীৰ্ঘ বছৰৰ পিছতো জোনবিল মেলাৰ জৰিয়তে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই বিনিময় ব্যৱস্থাক চলন্ত কৰি ৰাখি যি নিদৰ্শন দাঙি ধৰিছে সেয়া সমগ্ৰ বিশ্বতে বিৰল আৰু অতিশয় প্ৰশংসনীয় বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ ইতিহাসৰ জীৱন্ত দলিল জোনবিল মেলা মধ্যযুগৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ এই বিশ্বায়নৰ যুগলৈকে মানুহৰ মাজত সম্প্ৰীতিৰ বাৰ্তা বাহক হিচাপে চিহ্নিত হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৃহত্তৰ অসমৰ সমাজ ব্যৱস্থাত পাহাৰ-ভৈয়ামৰ মাজত মামা-মামীৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰাত এই জোনবিলা মেলা অন্যতম৷ কুসংস্কাৰ দূৰীকৰণ আৰু মত-বিনিময়ৰ জৰিয়তে জোনবিল মেলা সমন্বয়ৰ এক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

মুখ্যমন্ত্ৰীয়ে কয় যে এটা জাতি জীয়াই থকাৰ অন্যতম উপাদান হৈছে ইয়াৰ সংস্কৃতি, ধৰ্ম, লোককলা, লোকনৃত্য, ভাষা আৰু ঐতিহ্য৷ অসমৰ ইতিহাস সমৃদ্ধ কৰা তিৱা জনজাতিৰ সাংস্কৃতিক সুৰক্ষা, অঞ্চলটোৰ উন্নয়ন, যুৱ প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিৱা জনজাতিৰ অন্যতম বীৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে নিজস্ব, ভাষা, সংস্কৃতি আদি বজাই ৰাখিবলৈ ধৰ্মান্তৰিত নহ’বলৈও তিৱা জনজাতিৰ লোকসকলক আহ৩ান জনায়৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই ঐতিহ্যময় মেলা স্থায়ীভাৱে উদ্‌যাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে জোনবিলা মেলা সমিতিলৈ ২০ বিঘা ভূমি আৱণ্টন দিয়াৰ কথাও ঘোষণা কৰে যাতে সেই স্থানত অহা বৰ্ষৰ পৰা পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত কৰিব পৰা যায়৷ মিছন বসুন্ধৰা ২.0 ৰ জৰিয়তে জনজাতীয় লোকসকলক তেওঁলোকৰ ভূমি পঞ্জীয়ন কৰিবলৈ আহ৩ান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে ৫০ বিঘা পৰ্যন্ত ভূমি ৰাখিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলক ৰাজ ভাট্টাও প্ৰদান কৰে৷
আজিৰ এই অনুষ্ঠানত মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়কসকল ক্ৰমে ড॰ আছিফ মহম্মদ নজৰ, ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like