নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তা ডিজিটেলৰ বাতৰিৰ প্ৰভাৱ: ভূৰাগাঁৱত কৃষি বিভাগে যোগান ধৰিলে ইউৰিয়া

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী :মৰিগাঁও জিলাৰ বৃহত্তৰ ভূৰাগাঁও অঞ্চলত শ শ কৃষকে ইউৰিয়া সাৰৰ নাটনিয়ে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল। ইউৰিয়া সাৰৰ নাটনিৰ সন্দৰ্ভত নিয়মীয়া বাৰ্তাৰ ডিজিটেলত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। বাতৰি প্ৰকাশৰ এদিন পিছতেই মৰিগাঁও জিলা কৃষি বিভাগে ভূৰাগাঁও অঞ্চলৰ মাকৈ আৰু তৰমূজ খেতি কৰা কৃষকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ইউৰিয়া সাৰ যোগান দিছে। কৃষি বিভাগে ইউৰিয়া সাৰ যোগান দিয়া কৃষক সকলৰ মূখত হাঁহি বিৰিঙিছে। জিলা কৃষি বিভাগে অতি তৎপৰতাৰে ইউৰিয়া সাৰ যোগান দিয়াত কৃষক সকলে এই পদক্ষেপক আদৰণি জনাইছে। অনাগত দিনত সময়মতে ইউৰিয়া সাৰ যোগান ধৰিবলৈ জিলা কৃষি বিভাগক আহ্বান জনাইছে।

You might also like