নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া উচ্চতৰ মাধ্যমিকত বাইচাইকেল বিতৰণ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ বাইচাইকেল বিতৰণ কাৰ্যসূচীৰ অধীনত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাইচাইকেল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি প্ৰাঞ্জল ভূঞা আৰু বিদ্যালয়খনৰ অধ্যক্ষ অৰুণ গগৈৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক উপস্থিত থকা এই অনুষ্ঠানটোত মুঠ ১০৪ ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰি বিধায়ক তৰঙ্গ গগৈয়ে দুৰণিবতীয়া ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহোঁতে ব্যয় হোৱা টকা আৰু সময় ৰাহি কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এই আঁচনিৰ বিষয়ে সকলোকে অৱগত কৰে।

লগতে ছাত্ৰ-ছাত্ৰীসকলক একাগ্ৰতাৰে অধ্যয়ন কৰি দেশ আৰু জাতিৰ বাবে সেৱা কৰি যাবলৈ আহ্বান জনায়।

বিশেষ বার্তা, নাহৰকটীয়া, ৩০ ডিচেম্বৰ

You might also like