ৰাজ্যিক চেম্পিয়নশ্বিপত উজলিল নামৰূপ টাইকোৱানডো ক্লাব
বিশেষ বার্তা, নাহৰকটীয়া, ৩০ ডিচেম্বৰ : গুৱাহাটীত অনুষ্ঠিত ৪০সংখ্যক ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত প্ৰশিক্ষক বিদ্যুৎ বিকাশ কোচৰ নেতৃত্বত নামৰূপ টাইকোৱানডো ক্লাবৰ খেলুৱৈসকলে উল্লেখনীয় সফলতা অৰ্জন কৰিছে। শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীসকল হ’ল ক্ৰমে ৰুদ্ৰান্ত কাশ্যপ বৰুৱাই ছাব জুনিয়ৰ ল’ৰা (১৮ কেজিৰ অনূৰ্ধ্ব) শাখাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। একেদৰে ঘৃতৃষ্ণা প্ৰিয়ম দাসে ছাব জুনিয়ৰ ছোৱালীৰ (২০ কেজিৰ অনূৰ্ধ্ব) শাখাত ৰূপৰ পদক অৰ্জন কৰে। আনহাতে, প্ৰি-উই (Pee-Wee) শাখাত সুদীপ্তা দাসে পুমচেত (Poomsae) স্বৰ্ণ আৰু ক্যুৰুগীত (Kyorugi) ৰূপৰ পদক লাভ কৰে। একেদৰে হৰ্ষিতা গগৈ আৰু নিবৃতি বড়োৱে ক্যুৰুগীত শাখাত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে।